ঘৰতেই পৰি আছে দহ,বাৰ বিঘাকৈ মাটি,’চাকৰিৰ সন্ধানত বাঙ্গালুৰুলৈ গৈছে নাতি’ – চন্দ্ৰ শেখৰ পৰাজুলী

Pc The Economic Times

ঘৰতেই পৰি আছে দহ,বাৰ বিঘাকৈ মাটি,’চাকৰিৰ সন্ধানত বাঙ্গালুৰুলৈ গৈছে নাতি’

চন্দ্ৰ শেখৰ পৰাজুলী ,বিশ্বনাথ চাৰিআলি

 এইটো অতি দুৰ্ভাগ্যৰ বিষয় যে ইংৰাজ সকলে ভাৰতত শাসন কৰাৰ আগতে আমাৰ নিৰ্মাণ হবলৈ লোৱা প্ৰতিটো নগৰ সমূহে গাওঁ কেন্দ্ৰীক আছিল। অৰ্থাৎ তেতিয়াৰ প্ৰতিটো চহৰবোৰে গাৱঁৰ ওপৰতে সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হব লগা হৈছিল। এইটো একেবাৰে সামান্য কথা পকৃত অৰ্থাৎ ইংৰাজ সকলে ভাৰতত অহাৰ আগতে গোটেই বিশ্বৰ বাজৰতে ভাৰতৰ সৰ্ববৃহৎ যোগদান আছিল।কাৰণ আজিৰ প্ৰায় ১৮০ বছৰ মান আগতে বিশ্ব বজাৰত প্ৰায় ৩৩% বয়-বস্তু অকলে ভাৰতবৰ্ষৰ পৰা ৰপ্তানি হৈছিল বা ভাৰতৰ পৰা নিৰ্মাণ গৈছিল আৰু ইয়াৰ অধিকতৰ বস্তুয়ে গাঁৱতে নিৰ্মাণ হৈছিল। ১৮০ বছৰৰ আগতে ভাৰবৰ্ষৰ অৰ্থব্যবস্তা ইমানেই স্বাধীন আৰু স্বাভালম্বি আছিল যে ভাৰতৰ তেতিয়াৰ গাঁৱ বিলাকে কেবল মাত্ৰ নিমখে কিনি খাব লগিয়া হৈছিল।অৰ্থাৎ ভাৰতৰ তেতিয়াৰ প্ৰতিটো গাঁৱ বিলাকে আত্মনিৰ্ভশীল আছিল। ১৮০ আগতে ভাৰতৰ গাঁৱবোৰত ২০০০ টাতকৈ অধিক খাদ্য বস্তুৰ উৎপাদন হৈছিল। তেতিয়া আমাৰ ভাৰতৰ বেপাৰী বা উদ্যোগপতী সকলে সোণ,ৰূপ মণি, মুকুতাৰ বিনিময়ত আমাৰ গাঁৱৰ জৰিয়তে নিৰ্মিত সামগ্ৰীবোৰ বিশ্ব বজাৰলৈ ৰপ্তানি কৰিছিল।সেই তেতিয়াৰ সমচোৱাতে ভাৰবৰ্ষক “সোণৰ চৰাই” বুলি আখ্যা দিয়া হৈছিল। কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে, ইংৰাজৰ আগমনৰ লাগে লগে ভাৰতৰ গাঁৱ বিলাকৰ অৰ্থব্যবস্তাবোৰ ভাঙি নগৰ কেন্দ্ৰীক কৰি তুলিলে।ইয়াৰ লগতে লাহে লাহে কৰি ভাৰতীয় লোকৰ জীৱনলৈ এক কলা অধ্যায়ৰ সূত্ৰপাত ঘটিল। এতিয়া কথা হল, কালক্ৰমত ভাৰতবৰ্ষয়ে ইংৰাজৰ শাসনৰ পৰা মুক্ত হৈ স্বাধীনতা লাভ কৰিলে। কিন্তু এই স্বাধীনতা কেৱল কাগজে-পত্ৰয়ে সাব্যস্ত কৰিলে বুলি কলেও ভুল নহয়।কাৰণ আমি বৰ্তমান সময়তো প্ৰায় প্ৰতিটো দিশতে মানসিকভাবে ইংৰাজৰ অধিনতে জৰ্জৰিত হৈয়ে আছোঁ নহয়নে ? কাৰণ ইংৰাজে দেশ ত্যাগ কৰি যোৱাৰ বহু বছৰৰ পিছতো আমি গাঁৱৰ অৰ্থব্যবস্তা সুন্দৰকৈ গঢ়ি তুলিবলৈ সক্ষম হোৱাগৈ নাই। যাৰ ফলত আমাৰ গাঁৱৰ মানুহবোৰ বৰ্তমান সময়তো নগৰমুখী হবলৈ বাধ্য হৈ পৰিছে। সেয়েহে ভাৰতৰ এই দুৰ্দশা দেখি বা আমাৰ গাঁৱবোৰৰ পৰা চাকৰি সূত্ৰে বা ব্যৱসায় সূত্ৰে বৰ্তমান সময়ত অধিক হাৰত নগৰৰ ফালে মুখ কৰা উঠি অহা নৱপ্ৰজন্মক দেখি একেবাৰে অন্তৰিকভাবে নথৈ আনন্দ মনে আলোচনাৰ শিৰোনামাটো তৈয়াৰ কৰিছিলোঁ যে,ঘৰতেই পৰি আছে দহ,বাৰ বিঘাকৈ মাটি, ‘চাকৰিৰ সন্ধানত বাঙ্গালুৰুলৈ গৈছে নাতি’ ।অৰ্থাৎ যাৰ ঘৰৰ সা-সম্পত্তি বা সাধন একোৱেই নাই তেওঁলোকক বাদ কৰি অন্যান্য যিবোৰ মানুহে ঘৰত খেতি বাতি কৰাৰ বাবে কম বেছি পৰিমাণৰ মাটি-বাৰি সংসাধন হোৱা সত্ত্বেও সকলোবোৰ ত্যাগ কৰি চহৰৰ পিনে ঢাপলি মেলি যাবলৈ বাধ্য হৈ পৰিছে। যিবোৰ মাটিৰ জৰিয়তে নানান ধৰণৰ বয়-বস্তুৰ উৎপাদনৰ জৰিয়তে আমাৰ ককাদেউতা,আজুককা সকলে একেবাৰে সুন্দৰক জীৱন আগুৱাই লৈ যাবলৈ সক্ষম হৈছিল আজি আমাৰে সেই জীৱিত ককা-আইতাহতে নিজৰ সন্তানবোৰক জীবিকা নিৰ্বাহৰ বাবে চহৰ মুখি কৰিবলৈ বাধ্য হৈ পৰিছে। অৰ্থাৎ আমি বৰ্তমান সময়ত গছ এজোপা আকাশৰ পৰা গজালি মেলি মাটিলৈকে নামি অহাৰ অপেক্ষাত আছোঁ। কিন্তু এইটো কিমানদূৰ সম্ভৱপৰ হয় সময় থাকোতে ভাৰতীয় মানুহে গুৰুত্ব প্ৰদান কৰা উচিত।