ঘোষণা হ’ল নিৰ্বাচনৰ দিন

Pc The Economic Times

ঘোষণা হ’ল নিৰ্বাচনৰ দিন

ৰঙিলী বাৰ্ত্তাসেৱা- নিৰ্বাচন আয়োগে ঘোষণা কৰিলে নিৰ্বাচনৰ তাৰিখ। সংবাদমেল যোগে নিৰ্বাচন আয়োগে ঘোষণা কৰিলে দেশৰ সাধাৰণ নিৰ্বাচনৰ দিন। ৭টা পৰ্যায়ত দেশত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন। ১৯ এপ্ৰিলত হ’ব প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ। ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ৭ মে’ত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন। ১৩ মে’ত অনুষ্ঠিত হ’ব চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। ২০ মে’ত অনুষ্ঠিত হ’ব পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ। ২৫ মে’ত ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ১ জুন তাৰিখে। প্ৰথম পৰ্যায়ত ২১ ৰাজ্যৰ ১০২ সমষ্টিত হ’ব নিৰ্বাচন। ২য় পৰ্যায়ত ১৩ ৰাজ্যৰ ৮৯খন আসনত অনুষ্ঠিত হ’ব নিৰ্বাচন। তৃতীয় পৰ্যায়ত ১২খন ৰাজ্যৰ ৯৪ সমষ্টিত হ’ব নিৰ্বাচন। চতুৰ্থ পৰ্যায়ত ১০ ৰাজ্যৰ ৯৬খন আসনত হ’ব নিৰ্বাচন। পঞ্চম পৰ্যায়ত ৮খন ৰাজ্যৰ ৪৯খন আসনত হ’ব নিৰ্বাচন। ষষ্ঠ পৰ্যায়ত ৭খন ৰাজ্যৰ ৫৭খন আসনত অনুষ্ঠিত হ’ব নিৰ্বাচন আৰু সপ্তম পৰ্যায়ত ৮ ৰাজ্যৰ ৫৭টা সমষ্টিত হ’ব নিৰ্বাচন। উল্লেখযোগ্য যে অসমৰ ১৪ টা সমষ্টিৰ ভোটগ্ৰহণ প্ৰথম ৩ টা পৰ্যায়ত অনুষ্ঠিত হ’ব। ১৯ এপ্ৰিল পৰা প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৫টা সমষ্টিত অনুষ্ঠিত হ’ব। কাজিৰঙা, শোণিতপুৰ, ডিব্ৰুগড়, লখিমপুৰ আৰু যোৰহাটত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন । ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব দৰং-ওদালগুৰি, ডিফু(ST), কৰিমগঞ্জ, শিলচৰ(SC), নগাওঁত। বৰপেটা, কোকৰাঝাৰ(ST), ধুবুৰী, গুৱাহাটীত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হব ৭মে’ত।