গৰাখহনীয়াৰ কবলত পুনৰ কালৰূপ ধাৰণ ডিব্ৰুগড়ৰ মোহনাঘাট

গৰাখহনীয়াৰ কবলত পুনৰ কালৰূপ ধাৰণ ডিব্ৰুগড়ৰ মোহনাঘাট

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে ডিব্ৰুগড় চহৰৰ মোহনাঘাটত। ইতিমধ্যে খৰাখহনীয়াৰ কবলত পৰি মোহনাঘাটত কেবাটাও ঘৰ ব্ৰহ্মপুত্ৰত জাহ গৈছে। ১১ দিন অতিক্ৰম কৰিছে এই খহনীয়াই কিন্তু ব্ৰহ্মপুত্ৰৰ খহনীয়াক ৰুধিবলৈ সক্ষম হব পৰা নাই জলসম্পদ বিভাগে। ব্ৰহ্মপুত্ৰক ৰুধিবলৈ যি বৃথা প্ৰচেষ্টা চলাইছে সেয়া যেন ফুটুকাৰ ফেনলৈ পৰিণত হৈছে। পকী খুঁটাৰ পাৰ্কোপাইন দিয়াৰ পাছতো খহনীয়াক ৰুধিব নোৱাৰাৰ বাবে বাঁহ,গছ-বনৰে মহাবাহু ব্ৰহ্মপুত্ৰক ৰুধিবলৈ চেষ্টা কৰাটো কিমান সম্ভৱপৰ সেয়া সহজেই অনুমেয়।অন্যহাতে প্ৰায় ১১ দিন ধৰি অব্যাহত থকা এই খহনীয়াৰ সন্দৰ্ভত স্থানীয় বিধায়কে একো খবৰ নাই লোৱা বুলি জানিবলৈ দিয়ে ভুক্তভোগী ৰাইজে। ডিব্ৰুগড়ৰ মোহনাঘাটৰ নৈপৰীয়া ৰাইজ ভয় শংকাত ভুগি আছে, কিন্তু ডিব্ৰুগড়ৰৰ বিধায়ক গৰাকীয়ে বিয়া,সকাম, নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছে বুলি ৰাইজৰ অভিযোগ। বৰ্তমানেও কালৰূপী মহাবাহু ব্ৰহ্মপুত্ৰৰ খহনীয়া অব্যাহত আছে।এই তথ্য বিস্তাৰিত ৰূপত প্ৰকাশ পাই আছে যদিও সম্প্ৰতি চহৰখনৰ মোহনাঘাটৰ প্ৰবল গৰাখহনীয়াই নিদ্ৰা হৰণ কৰিছে নৈপৰীয়া ৰাইজৰ লগতে চহৰখনৰ প্ৰতিও ভাবুকিৰ সৃষ্টি হৈছে বুলি স্হানীয় ৰাইজে শংকা ব্যক্ত কৰে। ইফালে পাৰ্কোপাইন আৰু জি’অ বেগৰ ঠাইত গছ গছনি কাটিহে খহনীয়াৰোধৰ বৃথা প্ৰচেষ্টা চলাইছে জলসম্পদ বিভাগে বুলি অভিযোগ উত্থাপন কৰিছে।