গৰম ভাত আৰু পঁইতা ভাত
অনামিকা (সংগীতা )কলিতা,শুৱালকুছি
:পঁইতা ভাতৰ জুটিয়ে বেলেগ, যদি তাৰ সৈতে কলাৰ দালি বটা আৰু শুকান জলকীয়া পোৰা থাকে…আহ্ অমৃত যেন লাগে ! ডাক্তৰ খাদ্য বিশেষজ্ঞ সকলৰ মতেও ইয়াৰ হেনো স্বাস্থ্য সম্পৰ্কীয় বহুত সুফল আছে |
:কি কৰিলা বোৱাৰী ?
:একো নহয় মা পেলাই দিলোঁ ।
:তুমি ভুল কৰিলা—।
:ৰাতিৰ জকৰা ভাত খিনি বোৱাৰী জনীয়ে ডাচবিনত পেলাই দিয়া দেখি শাহু মাৰ সহ্য নহ’ল….
ইয়াকে লৈ দুয়োৰে মাজত এখন তুমুল বাকযুদ্ধ চলিল |
অতীত আৰু বৰ্তমান প্ৰজন্মৰ মাজত সময়ে সৃষ্টি কৰা প্ৰাচীৰখনৰ প্ৰতিফলন ঘটিল সময়ৰ ব্যৱধান…!
: জীৱনৰ অভিজ্ঞতাই মানুহক বহুত শিকাই অ বোৱাৰী। তুমি কি বুজিবা। কেঁচা খৰিৰিৰে জুই ফুৱাই ৰাতি ৰন্ধা পানী দিয়া ভাত খিনি পিছৰ দিনা খুৱাই স্কুললৈ পঠাইছিলো ।আজি তোমাৰ স্বামী মোৰ ল’ৰা উচ্চ পদস্থ চৰকাৰী বিষয়া… সি সুস্থ সৱল চেহেৰাৰ কিন্তু এবিধ ঔষধো খাই পোৱা নাই মাত্ৰ ময়ে দুই এডাল জাপ-জৰি দিছোঁ মানুহৰ মুখ লাগে বুলি.! অন্ন মুঠিৰ সৈতে কপালৰ ঘাম নিহীত হৈ আছিল, অপব্যয় হোৱা কেতিয়াও নিবিচাৰো.. “।
:আগৰ সেই দিন নাই মা এতিয়া গেছ ইলেক্ট্ৰনিক বা সৌৰ শক্তিৰ সহায়ত কম সময়তে সুস্বাদু পৰিপুষ্টি আহাৰ খাব পাৰি ।গেলি যোৱা খাদ্য নহয়।
:হয় নে?এতিয়া তোমালোক সৱল নে আমি?দহখন ঘৰৰ কাম অকলেই কৰাৰ শক্তি মোৰ আছে। এনেকৈ কৈ বোৱাৰীক কৰ্মকাণ্ড দেখি পুৰণি সেই কথাবোৰে শাহুৱেকক ভৱাই তুলিলে ..!
:এই সকলোবোৰ দেখি চেষ্টা কৰিও আজি দুটা দিনে পুতেকে মাকৰ ভেম আঁতৰবা পৰা নাই, এখন ঘৰত দুখন আখল হোৱাটো সি কেতিয়াওঁ হ’ব দিব নোৱাৰে “দুই মহৰ যুঁজত বিৰিণাৰ মৰণ “। শেষত নাতিয়েকৰ মৰমত ভেম ভাঙিল গতিকে সমস্যা যিমানেই নহওক সমাধান আছে। পুতেকে বুজি পালে গৰম ভাতৰ যেনেকৈ আৱশ্যকীয় ঠিক তেনেকৈ পঁইতা ভাতৰো সিমানেই গুৰুত্বপূৰ্ণ কিন্তু পত্নী আৰু মাতৃকহে বুজাব পৰা নাই কিন্তু নাতি নামৰ তৃতীয় পক্ষৰ সহযোগত সমাধান হ’ল ।