গৰখীয়া আৰু বাঘ
বাহাৰুল ইছলাম (শিক্ষক)
হাবিৰ কাষত সু-সজ্জিত আছিল
ধুনীয়া এখনি গাঁও
হোজা ৰাইজে প্ৰতি বছৰে
খেতি কৰে বাও।
সেইখন গাঁৱতে আছিল এজন
দুষ্ট গৰখীয়া ল’ৰা,
গাঁৱৰ দাঁতিতে নিৰ্জন হাবিখনি
ঘাঁহ-বনেৰে ভৰা।
বাঘ ঔ’ বাঘ ঔ’ খালে ঔ’ বুলি
এদিন চিঞৰি দিলে,
সঁচা বুলি গাঁৱৰ হোজা ৰাইজ
দৌৰি আহি পালে।
ৰাইজক দেখা পায় বৰকৈ হাঁহিলে
ঠাট্টা মস্কৰা কৰি,
এসোপা বুজনি দি ৰাইজ
হ’ল ঘৰাঘৰি।
দিনচেৰেক গ’ল পুনৰ গৰুখীয়াৰ
দপদপনি বাঢ়িলে,
বাঘ ঔ’ বাঘ ঔ’ খালে ঔ’ বুলি
বৰকৈ চিঞৰিলে।
লাঠি, জেং যাঠি লৈ ৰাইজ
পালেগৈ হাবিৰ তলি,
মানুহ আহিলত দুষ্ট গৰুখীয়াই ক’লে
জমনি কৰিছে বুলি।
গঞা ৰাইজে খঙৰ ভমকত
বেজাৰ মনে উভতিল,
কদাপি নাহে এনেহেন কৰিলত
দৃঢ় প্রতিজ্ঞ হ’ল।
সঁচাকৈয়ে এদিন বাঘৰ আগমন
বৰকৈ চিঞৰি থাকিল,
নাহিল কোনো সিদিনা হাবিত
দুষ্টৰ পতন হ’ল।