গ্ৰেপ্তাৰ হ’ল বিতৰ্কিত লেখিকা শিখা শৰ্মা

গ্ৰেপ্তাৰ হ’ল বিতৰ্কিত লেখিকা শিখা শৰ্মা

ৰঙিলী বাৰ্ত্তাসেৱা- গ্ৰেপ্তাৰ হ’ল বিতৰ্কিত লেখিকা শিখা শৰ্মা।দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে শিখা শৰ্মাক। জোনালী নাথ সম্পৰ্কে কৰা বিতৰ্কিত মন্তব্য কৰাৰ বাবে আৰক্ষীয়ে আটক কৰিছিল শিখা শৰ্মাক। দীৰ্ঘ সময়ৰ জেৰাৰ অন্তত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। সামাজিক মাধ্যমৰ জৰিয়তে জোনালী নাথ সম্পৰ্কে কৰিছিল বিতৰ্কিত মন্তব্য। শিখা শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে ৰাজ্যিক মহিলা আয়োগে আৰক্ষী সঞ্চালক প্ৰধানলৈ প্ৰেৰণ কৰিছিল পত্ৰ। গ্ৰেপ্তাৰৰ পিছতে স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হ’ল শিখা শৰ্মাক। স্বাস্থ্য পৰীক্ষাৰ অন্তত আজি হাজিৰ কৰোৱা হ’ব আদালতত। ১০৪৭/২৩ নম্বৰ গোচৰত বিতৰ্কিত লেখিকা গৰাকীক গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষীয়ে।