গ্ৰামাঞ্চলত গৃহ নিৰ্মাণৰ ক্ষেত্ৰত পঞ্চায়তৰ অনুমতি বা কৰ-মাচুল আৰোপৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
অনলাইন বাৰ্ত্তাসেৱা– ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰমোন্নয়ন মন্ত্ৰী ৰঞ্জিৎ দাসে ‘সেৱাই পঞ্চায়ত’ শীৰ্ষক এক কাৰ্যসুচী ঘোষণা কৰি ৰাজ্যৰ গ্ৰামাঞ্চলত গৃহ নিৰ্মাণ কৰিলে পঞ্চায়তৰ অনুমতি লʼব লাগিব আৰু গাঁৱৰ ৰাইজে ঘৰ বান্ধিলে পঞ্চায়তক কৰ আদায় দিব লাগিব বুলি তেওঁ সংবাদমেলত ঘোষণা কৰিছিল। এই বিষয়টোক লৈ ৰাজ্যজুৰি সৃষ্টি হয় প্ৰবল প্ৰতিক্ৰিয়াৰ। লগে লগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিষয়টোৰ ওপৰত দৃষ্টিগোচৰ কৰে। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা মুখ্যমন্ত্ৰীৰ জনসম্পৰ্কৰক্ষী কোষে এক প্ৰেছ বিজ্ঞপ্তিযোগে ঘোষণা কৰে যে অসম চৰকাৰে গ্ৰামাঞ্চলত গৃহ নিৰ্মাণৰ ক্ষেত্ৰত পঞ্চায়তৰ অনুমতি লোৱা বা কৰ-মাচুল আৰোপৰ কোনো সিদ্ধান্ত লোৱা নাই৷ গাঁৱৰ জনসাধাৰণলৈ সর্বোচ্চ সেৱা আগবঢ়োৱাই হৈছে ৰাজ্য চৰকাৰৰ লক্ষ্য আৰু এইক্ষেত্ৰত উন্নয়নমূলক আঁচনিসমূহ ৰূপায়ণৰ মূল আহিলাই হৈছে পঞ্চায়ত ব্যৱস্থা।
(R.T)