গ্ৰন্থ উন্মোচনী অনুষ্ঠান

গ্ৰন্থ উন্মোচনী অনুষ্ঠান

” ৰঞ্জন কুমাৰ মেধিৰ The Lost Empire আৰু Deepor Beel গ্ৰন্থ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ বিশিষ্ট প্রকৃতিপ্রেমী তথা হাতী বিশেষজ্ঞ শ্ৰীযুত ৰঞ্জন কুমাৰ মেধী আৰু বিশিষ্ট লেখক-প্ৰকাশক “বৰুৱা অফছেট প্রেছ এন্ড পাব্লিচাৰ্ছৰ স্বত্তাধীকাৰী প্ৰিয়ংকু নাৰায়ণ বৰুৱাৰ উদ্যোগত আজি গুৱাহাটী প্ৰেছ ক্লাব প্রেক্ষাগৃহত এখন গ্রন্থ উন্মোচন অনুষ্ঠানৰ আয়োজন কৰা হয়। বৰুৱা অফছেট প্ৰেছ এণ্ড পাব্লিচাৰ্ছৰ দ্বাৰা প্ৰকাশিত The Lost Empire (Elephantlore of Assam), ভাৰতবৰ্ষৰ অসম প্রদেশত উপলব্ধ এছিয়া মহাদেশীয় হাতীৰ ওপৰত বর্ণিত ইংৰাজী ভাষাত লিখা এখন সমল গ্রন্থ। আনহাতে “Deepor Beel (The only Ramsar site of Assam)” গুৱাহাটীৰ সমীপৰ বৃহৎ এলেকাৰ জলভাগেৰে বিস্তৃত ৰামছাৰ বিলৰ বিভিন্ন দিশ সম্বলিত ইংৰাজী ভাষাত লিখা এখন গ্রন্থ।লিখক ৰঞ্জন কুমাৰ মেধি এজন নিষ্ঠাবান পৰিৱেশ কৰ্মীৰ উপৰিও তেওঁ বিভিন্ন সমাজ কল্যাণ মূলক সংগঠনৰ দায়িত্বত কাৰ্য্যবাহ কৰি থকা এজন সক্রিয় সমাজকর্মী। মেধিয়ে যোৱা ২৯ বছৰ ধৰি ভাৰত আৰু থাইলেণ্ডত এচিয়া মহাদেশৰ হাতীৰ আচৰণ আৰু কার্যকলাপ সম্পর্কে গৱেষণা কৰি আহিছে। তেওঁ অসমত বাস কৰা হাতীৰ সকলো বৈশিষ্ট্য, প্রকৃতি, জীৱন শৈলী আৰু লগতে বনৰীয়া হাতী ধৰা আৰু পোহনীয়া হাতী প্রতিপালন প্রক্রিয়া সম্বন্ধে “The Lost Empire” নামৰ গ্ৰন্থখনিত সুন্দৰকৈ সন্নিৱিষ্ট কৰিছে। আনখন গ্রন্থ “Deepor Beel” গ্ৰন্থখনিৰ জৰিয়তে তেওঁ গুৱাহাটীৰ সমীপতেই থকা সমগ্ৰ চহৰখনৰ বিশাল জলশক্তিক ধৰি ৰাখিব পৰা এক বৃহৎ জলাশয় দীপৰ বিলৰ বিষয়ে এক সু-শৃংখলাবদ্ধ বিশ্লেষণৰ সুন্দৰ বৰ্ণনা কৰিছে। লিখক ৰঞ্জন কুমাৰ মেধীৰ দ্বাৰা ৰচিত এখন গ্ৰন্থ “গজ বিদ্যা” হাতীৰ বিষয়ক বিৱৰণৰ এক সম্পূর্ণ হাতপুথিয়ে বিগত দিনত যথেষ্ট সমাদৰ লাভ কৰিছিল কৰিছে৷ অনুস্থানটোত বিভিন্ন ক্ষেত্ৰৰ প্ৰতিষ্ঠিত যথেষ্ট সংখ্যক নিমন্ত্রিত সন্মানীয় অতিথি উপস্থিত আছিল। “বৰুৱা অফছেট প্ৰেছ এণ্ড পাব্লিচাৰ্ছৰ স্বত্বাধীকাৰী বিশিষ্ট লেখক প্রিয়ংকু নাৰায়ণ বৰুৱাই আত ধৰা এই সভাখনত আনন্দৰাম বৰুৱা ভাষা, কলা আৰু সংস্কৃতি সংস্থা, অসমৰ প্ৰাক্তন সঞ্চালক অধ্যাপক ড° দিলীপ কুমাৰ কলিতা, প্রাক্তন প্রধান মুখ্য বন সংৰক্ষক ড° অভিজিত ৰাভা, আন্তৰাষ্ট্ৰীয়ভাৱে খ্যাত প্রকৃতিবিদ তথা “আৰণ্যক’ৰ মূখ্য কাৰ্য্যবাহী বিষয়া ড° বিভব কুমাৰ তালুকদাৰ, প্ৰকৃতিপ্রেমী আনন্দ খাটনিয়াৰ, ডা° খগেন্দ্ৰ নাৰায়ণ বৰুৱা, সমাজকর্মী তথা বিশিষ্ট ব্যবসায়ী পঙ্কজ তালুকদাৰ আদি বিভিন্ন ব্যক্তিয়ে তেওঁলোকৰ মূল্যৱান বক্তব্যৰে সভাখন যথেষ্ট গাম্ভীৰ্য্যপূৰ্ণ কৰি ৰাখিছিল।অধ্যাপিকা ড°পৰিস্মিতা শৰ্মাই আজি অনুষ্ঠিত এই গ্রন্থ শুভ উন্মোচনী সভাখনত উপস্থিত থকা সকলো গৰাকী ব্যক্তিকেই ধন্যবাদ জ্ঞাপন কৰে আৰু বিশেষকৈ গ্ৰন্থ দুখনৰ লেখক ৰঞ্জন কুমাৰ মেধি আৰু উপস্থিত সকলো গ্রন্থপ্রেমী তথা প্রকৃতিপ্রেমী সহিতে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।