গোৱালপাৰা আৰু হোজাই জিলাৰ পৰা ১০জন সন্দেহজনক সন্ত্রাসবাদীক আটক ‘নিয়া’ৰ

গোৱালপাৰা আৰু হোজাই জিলাৰ পৰা ১০জন সন্দেহজনক সন্ত্রাসবাদীক আটক ‘নিয়া’ৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বিগত দীর্ঘসময় ধৰি জম্মু- কাশ্মীৰৰ লগতে দেশৰ ৰাজধানী দিল্লীত বিভিন্ন কূটাঘাতমূলক কার্যকলাপ সংঘটিত কৰা পাকিস্তান মদতপুষ্ট জইছ-ই-মহম্মদে অসমতো জাল পেলাইছে। মুখ্যতঃ সন্ত্রাসবাদী সংগঠনটোৰ ছফ্ট টার্গেট হৈছে নামনি অসম। উল্লেখ্য যে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা, চমুকৈ ‘নিয়া’ আৰু এছটিএফৰ যুটীয়া অভিযানত গোৱালপাৰা জিলাত ৯জন আৰু হোজাইত ১জনকে ধৰি  মুঠ ১০জন জইছ-ই-মহম্মদৰ সদস্য তথা লিংকমেন জালত পৰে। মন কৰিবলগীয়া যে সন্ত্রাসবাদী সংগঠনটোৱে যোৱা সময়ছোৱাত সাংগঠনিক শক্তি বৃদ্ধিৰ লক্ষ্যৰে দেশৰ কেইখনমান ৰাজ্যক বিশেষ লক্ষ্য কৰি লৈছিল। সেই উদ্দেশ্যে সংগঠনটোৰ সদস্যভর্তি তথা মৌলবাদী কাৰ্যকলাপৰ প্ৰতি আকৰ্ষণ কৰাৰ লক্ষ্যৰে সংগঠনটোৰ একাংশই চলাই গৈছিল কাৰ্যকলাপ। চোৰাংচোৱা সংস্থাই লাভ কৰা এই তথ্যৰ ভিত্তিতে ‘নিয়া’ই দেশৰ ৫খন ৰাজ্যৰ ২২টা স্থানত একে সময়তে চলালে অভিযান। মহাৰাষ্ট্ৰ, দিল্লী, জম্মু-কাশ্মীৰ, উত্তৰ প্ৰদেশ আৰু অসমত চলোৱা অভিযানত অসমৰ গোৱালপাৰা আৰু হোজাই জিলাত ‘নিয়া’ আৰু এছটিএফৰ হাতত গ্ৰেপ্তাৰ হয় ১০জন জইছ-ই-মহম্মদৰ সদস্য আৰু লিংকমেন। মহাৰাষ্ট্ৰত ৰাজ্যিক সন্ত্রাস প্ৰতিৰোধী দল (এছটিএফ)ৰ সৈতে যুটীয়া অভিযান চলাই ৰাজ্যখনৰ জালনা, মালেগাঁও আৰু ছত্রপতি সম্ভাজী নগৰত অভিযান চলাই গ্ৰেপ্তাৰ কৰে চাৰিজন লোকক। ইয়াৰে জালনাত দুজন লোকক গ্ৰেপ্তাৰ কৰিছে ‘নিয়া’ই। ইয়াৰে এজন চামৰাৰ ব্যৱসায়ৰ লগত জড়িত। আনহাতে মালেগাঁৱত হোমিঅ’পেথী চিকিৎসক এজনক জইছ-ই-মহম্মদৰ সৈতে সম্পৰ্ক ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়। উল্লেখ্য যে যোৱা ২ অক্টোবৰত জইছ-ই-মহম্মদে ৰাজস্থানৰ ৮টা ৰে’ল ষ্টেচন বিস্ফোৰণেৰে উৰাই দিয়াৰ ভাবুকি দিছিল। ৰাজস্থানৰ হনুমানগড় ৰে’ল ষ্টেচনত এখন ভাবুকি-পত্ৰ উদ্ধাৰ হৈছিল। এই পত্রতে জইছ-ই-মহম্মদে ৰাজ্যখনৰ গংগানগৰ, হনুমানগড়, যোধপুৰ, বিকানেৰ, কোটা, বুন্দী, উদয়পুৰ আৰু জয়পুৰ ৰে’ল ষ্টেচন বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিছিল।  ইফালে অসমৰ গোৱালপাৰা জিলাৰ টুকুৰা আৰু বলবলাত এছটিএফ আৰু ‘নিয়া’ই অভিযান চলাই ১জন লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা আটাইকেইজনকে গোৱালপাৰা থানাত জেৰা অব্যাহত ৰাখিছে ‘নিয়া’ই। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি জইছ-ই-মহম্মদৰে সম্পৰ্ক ৰখা তথা সন্ত্রাসবাদী সংগঠনটোৰ শ্লিপাৰ চেল হিচাপে কাম কৰা এই লোককেইজনে বিগত সময়ছোৱাত মৌলবাদী কার্যকলাপ অব্যাহত ৰাখিছিল সংখ্যালঘু অধ্যুষিত গাঁওসমূহত। নিয়া’ই চলোৱা অভিযানত লোককেইজনৰ বাসগৃহত তালাচী চলাই ম’বাইল ফোনৰ লগতে আপত্তিজনক নথি-পত্ৰ আৰু আৰবীত লিখা পুস্তিকাও জব্দ কৰা হৈছে। ‘নিয়া’ আৰু এছটিএফে হোজাই জিলাতো গোপন তথ্যৰ ভিত্তিত অভিযান চলায়। উল্লেখ্য যে জইছ-ই-মহম্মদক আর্থিকভাৱে সহায় কৰাৰ লক্ষ্যৰে এই লোককেইজনে বিভিন্ন এলেকাত ধন সংগ্ৰহৰ লগতে মৌলবাদী কাৰ্যকলাপৰ প্ৰতি উৎসাহিত কৰিছিল যুৱকসকলক।  ‘নিয়া’ই যোৱা সময়ছোৱাত সন্দেহজনক কাম-কাজত জড়িত থকা আৰু বহিঃদেশৰ সন্দেহজনক লোকলৈ ধনৰ লেনদেন কৰা কেইবাজনো লোকক চিনাক্ত কৰিছে। এই লোকসকল মুখ্যতঃ মহাৰাষ্ট্ৰ, দিল্লী, কর্ণাটক, উত্তৰ প্ৰদেশ, জম্মু-কাশ্মীৰ, অসম আৰু পশ্চিমবংগৰ। প্রায় ২০ ঘণ্টা ধৰি চলা এই অভিযানত ‘নিয়া’ই বহু তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ নিষ্ক্রিয় হৈ পৰা জইছ-ই- মহম্মদক শক্তিশালী কৰাৰ বাবে আৰম্ভ কৰা চেষ্টাৰ তথ্যও ‘নিয়া’ই লাভ কৰিছে। বিশেষকৈ সন্ত্রাসবাদী সংগঠনটোৱে নিজকে শক্তিশালী কৰিবলৈ ব্যাপক হাৰত ধন বিনিয়োগ কৰাৰো তথ্য লাভ কৰিছে ‘নিয়া’ই। ‘নিয়া’ৰ তথ্য অনুসৰি জইছ-ই-মহম্মদৰ সদস্যই বাংলাদেশৰ পৰা মেঘালয় হৈ অসমত প্ৰৱেশ কৰি মৌলবাদী কাম-কাজ অব্যাহত ৰাখিছে। একাংশ সংখ্যালঘু অধ্যুষিত এলেকাত যুৱকক উচটনিমূলক কথা কৈ মৌলবাদী কাম-কাজৰ প্ৰতি প্ৰভাৱান্বিত কৰাৰো চেষ্টা চলাইছে জইছ-ই-মহম্মদে। এইক্ষেত্রত সন্ত্রাসবাদী সংগঠনটোবে লক্ষ্য কৰি লৈছে দৰিদ্ৰ লোকসকলক। ‘নিয়া’ই গোৱালপাৰাত গ্ৰেপ্তাৰ কৰা সদস্যকেইজনৰ পৰা কেইবাটাও ম’বাইল উদ্ধাৰ কৰিছে। লক্ষণীয়ভাৱে এই ম’বাইল ফোনতে এক বিশেষ ছফ্টৱেৰ ডাউনলোড কৰা হৈছে। যি ছফ্টৱেৰৰ জৰিয়তে জইছ-ই-মহম্মদৰ সদস্যসকলে কথা-বতৰা পাতে। অচিৰেই গ্ৰেপ্তাৰ হোৱা লোককেইজনক ‘নিয়া’ই নিজৰ জিম্মালৈ নি তদন্ত আৰম্ভ কৰিব।