গোলাঘাট কলা বীথিকাত অনুষ্ঠিত হয় এক ব্যতিক্ৰমী অনুষ্ঠান

গোলাঘাট কলা বীথিকাত অনুষ্ঠিত হয় এক ব্যতিক্ৰমী অনুষ্ঠান

মৃগাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা-  ২৮ মে’ (২০২৩) ৰ বিয়লি গোলাঘাট কলা বীথিকাত অনুষ্ঠিত হয় এক ব্যতিক্ৰমী অনুষ্ঠান ।শিক্ষাবিদ সমাজকৰ্মী আৰু সাহিত্যিক ভুৱন চন্দ্ৰ শইকীয়া সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠান তথা স্মৃতিচাৰণ অনুষ্ঠানটি এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত অনুষ্ঠিত হয় ।কৃষ্টিমালাৰ সৌজন্যত আৰু গোলাঘাট কলাবীথিকাৰ সহযোগত অনুষ্ঠিত সভাখনত ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।সভাত প্ৰয়াত শইকীয়াদেৱৰ জীৱন আৰু কৰ্মৰ ওপৰত আলোকপাত কৰে শিক্ষাবিদ তথা গোলাঘাট জিলা সাহিত্য সন্মিলনীৰ সভাপতি মহেন্দ্ৰ নাথ শইকীয়া দেৱে ।বিশিষ্ট ব্যক্তিৰূপে অংশগ্ৰহণ কৰে গোলাঘাট চাৰুকলা বিদ্যালয়ৰ অধক্ষ্য চিত্ৰশিল্পী ভৱকান্ত শইকীয়া দেৱ ।সঁভাখনিৰ আঁত ধৰে বিশিষ্ট চিত্ৰশিল্পী মনজিত ৰাজখোৱাই ।উদেশ্য বাখ্যা আগবঢ়ায় প্ৰয়াত ভুৱন চন্দ্ৰ শইকীয়াদেৱৰ কণ্যা পাপৰি শইকীয়া বৰাই । কৃষ্টিমালাৰ শিল্পীসকলে সভাত আবৃত্তি পৰিবেশন কৰে । উক্ত অনুষ্ঠানৰ সৈতে সংগতি ৰাখি প্ৰতিযোগিতাত যোগদান কৰা ১২০ খন শিশু চিত্ৰৰপৰা নিৰ্বাচিত ৪৫ খন চিত্ৰৰে এখনি প্ৰদৰ্শনীৰ আয়োজন কৰা হয় ।প্ৰদৰ্শনীৰ দ্বাৰ উদ্বোধন কৰে বিশিষ্ট চিত্ৰশিল্পী বেণু শইকীয়া দেৱে ।