গোলাঘাটত “কৃষ্টিমালা “ৰ সৌজন্যত “গীতিময় কবিতাৰ আবেলি” শীৰ্ষক অনুষ্ঠান সম্পন্ন

গোলাঘাটত “কৃষ্টিমালা “ৰ সৌজন্যত “গীতিময় কবিতাৰ আবেলি” শীৰ্ষক অনুষ্ঠান সম্পন্ন

ৰূপাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা-  “কৃষ্টিমালা “ৰ সৌজন্যত অনুষ্ঠিত হয় এক ব্যতিক্ৰমী অনুষ্ঠান ।বিশিষ্ট নিৱন্ধকাৰ লেখক তথা দৈয়াং মহাবিদ্যালয়ৰ উপাধক্ষ্য প্ৰয়াত মনোজ কুমাৰ শইকীয়াৰ সোঁৱৰণীত অনুষ্ঠিত হয় “গীতিময় কবিতাৰ আবেলি” শীৰ্ষক অনুষ্ঠান । গোলাঘাট / কৃষ্টিমালাৰ শিক্ষাৰ্থী সকলৰ আবৃত্তিৰ অনুষ্ঠানে এক মনোজ্ঞ পৰিবেশৰ সৃষ্টি কৰে । অনুষ্ঠানটি এটি বৰগীতেৰে আৰম্ভ কৰে শ্ৰীমন্ত হাজৰিকাই । স্বৰচিত কবিতা পাঠেৰে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে –কমলাক্ষী দত্ত মৃগাংক বৰুৱা দ্বীপেন বৰা আৰু ড° দিপালী গগৈয়ে ।মনোজ কুমাৰ শইকীয়াৰ কবিতা পাঠ কৰে মধুমিতা পালে ।কৃষ্টিমালাৰ হৈ আবৃত্তি পৰিবেশন কৰা শিল্পীসকল আছিল —অণ্বেষণা চলিহা ৰাদি ছাইহান আলম মেঘৰাগিনী বৰা আমীল ৰাফি আলম পল্লৱী চলিহা আৰু ৰছিদা বেগম ।ড° ভূপেন হাজৰিকাৰ গীত পৰিবেশন কৰে প্ৰিয়াংকী শৰ্মা আৰু কবিতা শৰ্মাই ।বাদ্যযন্ত্ৰ সংগত কৰে প্ৰিয়ংকা ৰয়ে ।মনোজ কুমাৰ শইকীয়াৰ জীৱন আৰু কৰ্মৰ ওপৰত আলোকপাত কৰে প্ৰণৱ চক্ৰৱৰ্তী আৰু ড° প্ৰদীপ বৰাই ।অনুষ্ঠানৰ সামগ্ৰিক পৰিকল্পনা আৰু আঁত ধৰোতা আছিল পাপৰি শইকীয়া বৰা ।শলাগৰ শৰাই আগবঢ়ায় কৃষ্টিমালাৰ উপসভাপতি অৰিন্দম বৰাই । এনে এটি অনুষ্ঠান ৰে লেখক, শিক্ষাবিদ মনোজ কুমাৰ শইকীয়াক সোঁৱৰণ কৰা বাবে উপস্থিত ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।