গুৱাহাটী মহানগৰীত ভয়াবহ বায়ু প্ৰদূষণৰ প্ৰভাৱ
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰীত ভয়াবহ বায়ু প্ৰদূষণৰ প্ৰভাৱ। বহু শিশু ভৰ্ত্তি কৰোৱা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত। কালি দিনটোত মুঠ ৩৫ টা শিশু ভৰ্ত্তি হৈছে শ্বাস প্ৰশ্বাস জনিত ৰোগত। প্ৰধানকৈ ৩টাকৈ ৰোগত আক্ৰান্ত হৈছে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে অধিকাংশ শিশুৱেই আক্ৰান্ত হৈছে নিউমোনিয়া আৰু স্বাস প্ৰস্বাসজনিত ৰোগত ৷ মন কৰিবলগীয়া যে শেহতীয়াকৈ গুৱাহাটী মহানগৰীৰ বায়ুমণ্ডল ভয়ংকৰভাৱে প্ৰদূষিত হৈ পৰিছে৷ আনকি ৰাজ্যিক প্ৰদূষন নিয়ন্ত্ৰণ পৰিষদেও ইতিমধ্যে ইয়াৰ ভয়াবহতাৰ বিষয়ে অৱগত কৰি ৰাইজক সজাগ কৰি দিছিল ৷ দেশৰ ৰাজধানী চহৰ দিল্লীৰ দৰেই ভয়ানক প্ৰদূষনৰ কৱলত পৰিব পাৰে গুৱাহাটী ৷ অৱশেষত সেই সকীয়নিয়েই এতিয়া সত্য হোৱাৰ পথত ৷ যাৰ ফলত সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি হ’বলগীয়া হৈছে ৩৫ টিকৈ শিশু ৷ চিকিৎসকে জনোৱা মতে শেহতীয়াকৈ গুৱাহাটী মহানগৰীৰ বায়ুমণ্ডলত হোৱা প্ৰদূষনৰ বাবে অতিকৈ আক্ৰান্ত হ’বলগীয়া হৈছে শিশুসকল ৷ মূলতঃ স্বাস প্ৰস্বাসজনিত ৰোগতেই আক্ৰান্ত হৈছে এইসকল শিশু ৷