গুৱাহাটী প্ৰেছ ক্লাবত সাত বিহুৰ ঐতিহ্য সম্বলিত গুৰুত্বপূৰ্ণ গ্ৰন্থ আৰু মননশীল কাব্য সংকলন উন্মোচন
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী প্ৰেছ ক্লাবৰ সভাগৃহত দুখন গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচন কৰা হয়। ব’হাগৰ বিহুৰ ঐতিহ্য পৰম্পৰাৰ বৈশিষ্ট্যপূৰ্ণ দিশ সমূহৰ গুৰুত্ব সামৰি ২১ টা তাত্ত্বিক প্ৰৱন্ধেৰে সজোৱা “সংক্ষিপ্ত সাত বিহু” শীৰ্ষক গ্ৰন্থখন আজি উন্মোচন কৰা হয়। গুৱাহাটীস্থিত ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ প্ৰাণজিৎ কুমাৰ নাথ আৰু অসমৰ বিশিষ্ট বিহু সাধক-লোক সাংগীতিক পৰম্পৰাৰ গৱেষক তথা ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ দীপেন দাস সম্পাদিত গ্ৰন্থ “সংক্ষিপ্ত সাত বিহু” উন্মোচন কৰে অসম চৰকাৰৰ প্ৰাক্তন শিক্ষা উপদেষ্টা, বিশিষ্ট শিক্ষাবিদ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ ননীগোপাল মহন্তই। গ্ৰন্থখন উন্মোচন কৰি অধ্যাপক ডঃ ননীগোপাল মহন্তই অসমীয়া জাতীয় জীৱনৰ সাংস্কৃতিক চেতনাত ব’হাগৰ বিহুৰ তাত্বিক গুৰুত্ব সম্পৰ্কে অভিমত আগবঢ়াই।ভাষণ প্ৰসংগতে তেওঁ উল্লেখ কৰে যে চ’তৰ সংক্ৰান্তিৰ দিনাৰ পৰা আৰম্ভ কৰি ব’হাগৰ ৬ তাৰিখলৈ সাত দিন ধৰি বিহু পালন কৰা হয়। অসমীয়া জন জীৱনৰ কৃষি কেন্দ্ৰিক লোক-পৰম্পৰাৰ লগত সংপৃক্ত সাত বিহুৰ প্ৰত্যেক দিনাৰ বিহুৰে সুকীয়া নাম আছে। ইয়াক “সাত বিহু” বুলি জনা যায়। এই সাত বিহুৰ ৰীতি-নীতিয়ে বৰ অসমৰ সাংস্কৃতিক ভেঁটি সুদৃঢ় কৰি তোলাৰ লগতে অসমীয়া জনজীৱনৰ সংস্কৃতিকো সুকীয়া মাত্ৰা প্ৰদান কৰিছে। এই সাত বিহুৰ পৰম্পৰাক গ্ৰন্থ আকাৰে প্ৰকাশ কৰাৰ এই সাংস্কৃতিক প্ৰয়াসৰ বাবে গ্ৰন্থখনৰ সম্পাদকদ্বয়ক উন্মোচক অধ্যাপক ডঃ ননী গোপাল মহন্তই শুভেচ্ছা জনায়। ৰাধাগোৱিন্দ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ প্ৰাণজিৎ কুমাৰ নাথৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা সভাখনৰ একেটা অনুষ্ঠানতে “সম্প্ৰীতি” শীৰ্ষক আধুনিক অসমীয়া কবিতা সংকলন এটিও উন্মোচন কৰা হয়। ডঃ প্ৰাণজিৎ কুমাৰ নাথৰ কবিতা সংকলন সম্প্ৰীতি উন্মোচন কৰে ৰাজ্যৰ প্ৰথিতযশা লেখক তথা অসম বাণী কাকতৰ সম্পাদক দিলীপ চন্দনে। কবিগৰাকীৰ কাব্য চেতনা আৰু গভীৰ অন্তৰ্দৃষ্টিত উদ্ভাসিত হোৱা সমাজ আৰু জীৱনৰ গভীৰতা সম্পৰ্কে উন্মোচক দিলীপ চন্দনে মত আগবঢ়ায়। তেওঁ কবিতা সংকলনখনৰ কবিগৰাকীৰ কাব্য চিন্তাৰ সূক্ষ্মতা আৰু ভাষিক বয়নত দেখা পোৱা আধুনিক জীৱনৰ বৈচিত্ৰ্যতাৰ প্ৰতীকি উপস্থাপনৰ মননশীলতা ভাষনত উল্লেখ কৰে। বিশিষ্ট কবি ৰবীন ডেকাৰ কবিতা সংকলআ কথা কবিতা দ্বিতীয় খণ্ড উন্মোচন কৰে ড° প্ৰাণজিৎ কুমাৰ নাথে।সংগীতা কাশ্যপে সৰস্বতী বন্দনা পৰিৱেশন কৰা সভাখনত এটি হুচৰি ঘোষাৰে শিল্পী সুমন টিপমীয়াই সকলোকে আপ্লুত কৰে। ডঃ দীপেন দাসে আঁতধৰা গাম্ভীৰ্যপূৰ্ণ সভাখনত কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি সৱিতা দেৱী, ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডঃ দিপক পাঠক,গুৱাহাটীৰ তাৰিণী চৌধুৰী চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ অধ্যক্ষ শুভলক্ষ্মী বৰুৱা বিহু কৃষ্টি পৰিষদ,অসম কামৰূপ মহানগৰ জিলা সমিতিৰ সভানেত্ৰী গায়ত্ৰী ডেকা আৰু শিক্ষক-শিক্ষয়িত্ৰীসকল,গুৱাহাটী কমাৰ্চ কলেজৰ গ্ৰন্থাগাৰিক প্ৰমুখ্যে ৰাধাগোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা,ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে।সভাখন সৰ্বাংগসুন্দৰ কৰি তোলাৰ বাবে আটাইকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই শলাগ জ্ঞাপন কৰে বিহু কৃষ্টি পৰিষদ অসমৰ সাংস্কৃতিক সম্পাদিকা জ্বলী বৰাই।