গুৱাহাটী প্ৰেছ ক্লাবত মৰমলেণ্ড পাব্লিকেচনৰ ৩ খনকৈ কিতাপ উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাবত মৰমলেণ্ড পাব্লিকেচনৰ ৩ খনকৈ কিতাপ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  মৰমলেণ্ড পাব্লিকেচনৰ দ্বাৰা প্ৰকাশ কৰা কবি-লেখিকা দীপিকা দেৱী কলিতাৰ ৩ খনকৈ গ্ৰন্থ গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয়। বিশিষ্ট লেখক ড° দয়ানন্দ পাঠক, লেখক -শংকৰদেৱ ৰমেন দাস, বিশিষ্ট লেখিকা অলকানন্দা দত্ত, বন্দিতা ফুকন, বিশিষ্ট লেখক তথা আমাৰ অসম কাকতৰ সহকাৰী সম্পাদক মণ্টু শইকীয়া, লেখিকা ড° নঞ্জু দত্ত আৰু কামৰূপ জিলা সাহিত্য সভাৰ সভানেত্ৰী সবিতা দেৱীয়ে উন্মোচন কৰে কাব্য সংকলন অৰণ্যত ৰ’দ বিচাৰি, অনুগল্প সংকলন ‘বৈভৱ’ আৰু প্ৰৱন্ধ সংকলন ‘প্ৰৱন্ধ গুচ্ছ’।