গুৱাহাটী প্ৰেছ ক্লাবত তিনিখনকৈ গ্রন্থ উন্মোচন
ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়া গ্ৰন্থৰ পাঠক কম বুলি সর্বাত্রে এক চৰ্চা চলি থকা দেখা যায় যদিও এনে চিন্তাৰ মাজতো দৈনন্দিন নতুন নতুন গ্ৰন্থৰ প্রকাশ আৰু নতুন লেখকৰ নতুন চিন্তাই অসমীয়া সাহিত্যৰ ধাৰাতোক অধিক সৱল কৰাহে পৰিলক্ষিত হৈছে। অন্য অৰ্থত অসমত গ্ৰন্থৰ চাহিদা কমা নাই বৰঞ্চ বাঢ়িছেহে। গুৱাহাটী প্ৰেছ ক্লাবত অসমৰ প্রকাশন গোষ্ঠী ভাষা প্রকাশনে প্ৰকাশ কৰি উলিওৱা আৰু ৰবীন বৰঠাকুৰে লেখা তিনিখনকৈ গ্রন্থ উন্মোচন কৰি এইদৰে মন্তব্য কৰে বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৱ বৰাই। ৰবীন বৰঠাকুৰৰ ‘মই পাগলী নহয়’ আৰু ‘আৰ্তনাদ’ নামৰ দুখন উপন্যাসৰ লগতে ‘কণ মইনাৰ সাধু’ গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচিত হয়। অনুষ্ঠানত বৌদ্ধিক চর্চা অক্ষুন্ন কথা একাংশ মানুহৰ শুভ চিন্তাই সমাজখনক সদায়ে এক নতুন প্ৰত্যয়ৰে চাবলৈ শিকাই আহিছে, সেয়েহে এনে বৌদ্ধিক তথা সামাজিক ঐক্য আৰু সংহতিৰ বাবে কাম কৰা এই লেখকসকলক আমি নিঃসন্দেহে নতুন সমাজৰ একোজন ৰূপকাৰ বুলি ক’ব পাৰোঁ আৰু তেওঁলোকৰ মৌলিক গ্ৰন্থৰাজিক আমি নিঃসন্দেহে ক’ব লাগিব সমাজৰ পাশুপাত অস্ত্ৰ বুলি। এই মন্তব্য বিশিষ্ট কবি, সমালোচক বিপুল শৰ্মাৰ। ভাষা প্ৰকাশনৰ অধ্যক্ষ মুকুট শৰ্মায়ো নিজৰ বক্তব্য প্রদান কৰি সাহিত্য সমাজৰ দাপোণ বুলি মত প্রকাশ কৰি সাহিত্য কর্মইহে নতুন অসম গঢ়াত ভূমিকা ল’ব পাৰে বুলি মন্তব্য আগবঢ়াই। এই গ্ৰন্থখনৰ উন্মোচনী সভাত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি লিখকৰ এই প্রচেষ্টাক আদৰণি জনায়। গাম্ভীয্যপূর্ণ এই গ্রন্থ উন্মোচনী সভাৰ আঁত ধৰে পল্লবিকা মহন্তই। গ্ৰন্থখন www.vashapublication.inত উপলব্ধ বুলিও প্রকাশন গোষ্ঠীয়ে জানিবলৈ দিয়ে।