গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বিশাল,চুমি ,তার্কিকসহ ৮ অভিযুক্ত

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বিশাল,চুমি ,তার্কিকসহ ৮ অভিযুক্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা কেইবা হেজাৰ কোটিটকীয়া অনলাইন ট্রেডিং কেলেংকাৰিৰ অন্যতম অভিযুক্ত মহাপ্ৰৱঞ্চক বিশাল ফুকন, চুমি বৰা আৰু তার্কিক বৰাসহ মুঠ ৮ অভিযুক্তক কামৰূপ (মহানগৰ) জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা আটাইকেইজন অভিযুক্তক চি বি আয়ে অধিক তথ্য আহৰণৰ উদ্দেশ্যে জেৰা কৰাৰ বাবে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ আহিছিল।আৰক্ষীৰ বাছেৰে ৮জন অভিযুক্তক আদালতলৈ অনা হয়। আদালত চৌহদত নমাৰ সময়তো সংবাদ মাধ্যমে বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰিবলৈ বিচাৰিছিল যদিও সাংবাদিকৰ কেমেৰাৰ সন্মুখত মুখ ঢাকি কোনো কথাৰ উত্তৰ নিদিয়াকৈ বেগেৰে পাৰ হৈ যায় চুমি বৰাই। একেদৰে চুমিৰ স্বামী তার্কিক বৰা আৰু বিশাল ফুকনেওে কোনোধৰণৰ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ নিদিয়াকৈয়ে পাৰ হৈ গ’ল। তাৰ পিছতে কৰ্তব্যৰত আৰক্ষীয়ে (কামৰূপ) মহানগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত বিশেষ দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰায় প্ৰৱঞ্চক চুমি বৰাসহ ৮ অভিযুক্তক। আদালতে অভিযুক্ত আঠজনকে পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। আদালতত হাজিৰ কৰোৱাৰ পিছতে আটাইকেইজনকে পুনৰ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ নিয়া হয়।  জানিব পৰা মতে, অহা সোমবাৰে চুমি বৰাসহ ৮জন অভিযুক্তক চিবিআইৰ বিশেষ আদালতত হাজিৰ কৰোৱা হ’ব। আদালতত চিবিআয়ে অধিক জেৰাৰ বাবে আটাইকেইজনকে কেইবাদিনৰ জিম্মাত বিচৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে চুমি-বিশাল-তার্কিকৰ লগতে  অভিজিৎ চন্দ, অম্লান বৰা, শোভনজ্যোতি কুৰ্মী, চন্দন নাথ আৰু ৰঞ্জিত কাকতিকো আদালতত হাজিৰ কৰা হয়। বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, যিহেতু আদালতে চুমি বৰাসহ ৮জন অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে, গতিকে কাৰাগাৰত চিবিআইৰ দলে এই দুদিন আটাইকেইজনক পৃথকে পৃথকে জেৰা চলাব।  সোমবাৰে চিবিআইৰ বিশেষ আদালতত হাজিৰৰ অন্তত যদিহে কেন্দ্ৰীয় সংস্থাটোৱে অধিক দিনৰ জিম্মা লাভ কৰে, তেন্তে গুৱাহাটীৰ চিবিআইৰ কাৰ্যালয়তো চুমি বৰা সহ ৮জনক পৃথকে জেৰা চলাব তদন্তকাৰী বিষয়াই।