গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৭৫ বছৰীয়া বৰ্ষপূতি উপলক্ষে ১ এপ্ৰিলত চাইকেল ৰেলী
দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী উচ্চ ন্যায়ালয়ে অহা ৫ এপ্রিল তাৰিখে ৭৫ বছৰ সম্পূৰ্ণ কৰিব৷ এই উপলক্ষে আয়োজন কৰা কাৰ্যসূচীৰ অংশ হিচাপে অহা ১ এপ্রিল, শনিবাৰে পুৱা ৭.০০ বজাত এক চাইকেল ৰেলীৰ আয়োজন কৰিছে। এই ৰেলী গুৱাহাটী উচ্চ ন্যায়ালয় (পুৰণি ব্লক)ৰ পৰা আৰম্ভ কৰি যোৰ পুখুৰী (লেম্ব ৰোড) হৈ গুৱাহাটী ক্লাব, অসম ৰাজ্যিক সংগ্ৰহালয় ৰোড, সন্দিকৈ ছোৱালী মহাবিদ্যালয়েৰে গৈ গুৱাহাটী উচ্চ ন্যায়ালয় (পুৰণি ব্লক)ত সম্পূৰ্ণ হ’ব।