গুৱাহাটীৰ ৰাজপথত পৰিবহন নিগমৰ ১০০খন নতুন চিএনজি বাছ সেৱা মুকলি মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- নৱবৰ্ষ ২০২৩ চনৰ প্ৰথমটো দিনটোতেই ৰাজ্যবাসীলৈ অসম ৰাজ্যিক পৰিবহন বিভাগে আগবঢ়ালে এক বিশেষ উপহাৰ। গুৱাহাটীৰ ৰাজপথত চলিব ১০০খন গেছচালিত বাছ ৷ জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা প্ৰশমনৰ দিশত আমাৰ প্ৰচেষ্টাৰ অংশ হিচাপে গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডে অসম ৰাজ্যিক পৰিবহণ নিগমক উপহাৰ দিয়া এই ১০০খন নতুন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাই মুকলি কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে এই বাছ সেৱাৰ লগতে আইএছবিটিত (ISBT) চি এন জি (CNG) ষ্টেচনো মুকলি কৰে। উল্লেখ্য যে, ১ জানুৱাৰীৰ দিনা মুখ্যমন্ত্ৰীৰ লগতে আন কেবিনেট মন্ত্ৰীসকলেও চি এন জি বাছত উঠিলে। এই বাছত উঠি মুখ্যমন্ত্ৰীয়ে ক’লে, ‘‘মই উঠি ভাল পালোঁ, মোৰ গাড়ীখনৰ প্ৰায় সমানুপাতিক।’’ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাই মহানগৰীত গেছচালিত বাছ সেৱা মুকলি কৰি কয় যে, ৰাজ্যই পুনৰ ২০০ খন ইলেক্ট্ৰিকেল বাছ এই বছৰতে লাভ কৰিব আৰু স্মাৰ্ট চিটিৰ অধীনত বহু উন্নয়নমূলক কাম হৈছে। তেওঁ মৃতপ্ৰায় স্মাৰ্ট চিটি লিমিটেডক পুনঃ উদ্ধাৰৰ বাবে মন্ত্ৰী আশোক সিংঘালক প্ৰশংসা কৰে।