গুৱাহাটীৰ ৰাজগড়ত চাইকেল চোৰ আটক
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ ৰাজগড়ত আজি এটা চাইকেল চোৰক আটক কৰে৷ৰাজগড়ৰ ২ নং বাইলেনৰ ব্যৱসায়ী প্ৰাণজিৎ দাসৰ চাইকেলখন চুৰি কৰি লৈ গৈছিল।তাৰ পাছতে স্থানীয় ৰাইজে আটক কৰি চানমাৰি আৰক্ষীক গতাই দিয়ে।চোৰজনৰ নাম ৰোহিত প্ৰধান,বয়স ২২ বছৰ আৰু গুৱাহাটীৰ শিলপুখুৰীৰ বুলি জানিব পৰা গৈছে৷উল্লেখ্য,মহানগৰীত আৰক্ষীৰ লোক টহল দি থকাৰ পাছতো এনে ঘটনা সংঘটিত হ’বলৈ পোৱাত স্হানীয় ৰাইজ চিন্তাম্বিত হোৱা দেখা গৈছে৷