গুৱাহাটীৰ হোমিঅ’পেথিক কলেজৰ উপাধ্যক্ষৰ চূড়ান্ত সিদ্ধান্ত
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ হোমিওপেথিক মেডিকেল কলেজত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। গুৱাহাটীৰ হোমিঅ’পেথিক কলেজৰ উপাধ্যক্ষ ড° নাৰায়ন দেৱ নাথে বাছি ল’লে চূড়ান্ত সিদ্ধান্ত। হোমিঅ’পেথিক কলেজৰ আৱাসতে অপমৃত্যুক সাবটি লয় ৫৭ বছৰীয়া ডাঃ নাৰায়ণ দেৱনাথে। বিগত এবছৰ ধৰি কলেজৰ আৱাসতে বাস কৰিছিল দেৱনাথৰ পৰিয়াল। মৃত ডাঃ নাৰায়ণ দেৱনাথৰ প্ৰকৃত ঘৰ হোজাইৰ ডবকাত। ইফালে নগাঁৱত নতুনকৈ মাটি কিনি ঘৰ বনাইছিল উপাধ্যক্ষগৰাকীয়ে। জানিব পৰা মতে, পুৱা প্ৰায় ৬.৪৫ বজাত ঘটনাৰ বিষয়ে জানিব পাৰে ওচৰতে থকা ছাত্ৰীনিবাসৰ ছাত্ৰীসকলে।ঘটনাৰ সময়ত বাসগৃহত নাছিল দেৱনাথৰ পত্নী। ডাঃ নাৰায়ণ দেৱনাথৰ পত্নীৰ ঘৰ মণিপুৰত। পিতৃৰ মৃত্যুৰ বাবে সোমবাৰে পুৱা মণিপুৰৰ ঘৰলৈ গৈছিল দেৱনাথৰ পত্নী। স্বামীৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে গুৱাহাটীত উপস্থিত হয় পত্নী। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। উল্লেখ্য যে, HOMIOPETHIC MATERIA MEDICA বিভাগৰ অধ্যাপক তথা চিকিৎসক আছিল নাৰায়ন দেৱ নাথ।