গুৱাহাটীৰ ফ্লেটৰ পৰা আটক প্ৰৱঞ্চক স্বপ্ননীল দাসক

গুৱাহাটীৰ ফ্লেটৰ পৰা আটক প্ৰৱঞ্চক স্বপ্ননীল দাসক

ৰঙিলী বাৰ্ত্তাসেৱা- অনলাইন ট্ৰেডিঙৰ লুণ্ঠনকাৰীৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান।সোমবাৰে বিয়লি ডিব্ৰুগড়ৰ ব্যৱসায়ী বিশাল ফুকনক আটক কৰাৰ পাচত নিশা পুনৰ মহানগৰীৰ পৰা আটক কৰে প্ৰৱঞ্চনাৰ অভিযোগত অভিযুক্ত স্বপ্ননীল দাসক ৷গুৱাহাটীৰ বেলতলাৰ ফ্লেটৰ পৰা আৰক্ষীয়ে আটক কৰে স্বপ্ননীল দাসক। স্বপ্ননীল দাসৰ ঘৰ শিৱসাগৰত।সোমবাৰে মাজনিশা স্বপ্ননীলক বিচাৰি মহানগৰ আৰক্ষীৰ চলিল মাৰাথন অভিযান । অনলাইন ট্ৰেডিঙৰ জৰিয়তে বহু গ্ৰাহকক প্ৰৱঞ্চনা কৰাৰ অভিযোগত অভিযুক্ত স্বপ্ননীলৰ বিৰুদ্ধে দিশপুৰ আৰক্ষীয়ে চলালে এই অভিযান । মহানগৰীৰ বেলতলাৰ ৱায়াৰলেছৰ বশিষ্ঠপুৰ ১ উপপথৰ এটা বিলাসী ফ্লেটৰ পৰা আৰক্ষীয়ে আটক কৰে স্বপ্ননীল দাসক । তাৰোপৰি তেওঁৰ দুখন বিলাসী বাহনো দিশপুৰ আৰক্ষীয়ে জব্দ কৰে । দিশপুৰ আৰক্ষীক অভিযানত সহায় কৰে হাতীগাঁও আৰক্ষীয়ে । কিছুদিন পূৰ্বে ডি বি ষ্টক কনছালটেন্সী নামৰ এক বিত্তীয় প্ৰতিষ্ঠান খুলি দীপাংকৰ বৰ্মন নামৰ এজন ব্যৱসায়ীয়ে সমগ্ৰ ৰাজ্যৰ পৰা কোটি কোটি টকা লুণ্ঠন কৰাৰ ঘটনা পোহৰলৈ আহিছিল ৷