গুৱাহাটীৰ ফটাশিল দাতাঁলপাৰা উন্নয়নৰ দিশে এটি সৱল খোজ
ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰথমবাৰৰ বাবে ফটাশিল দাতাঁলপাৰাৰ উছি ৰাম বড়ো পথ আৰু ত্ৰিবেনী পথ , নতুনবস্তিৰ মাজত নিৰ্মাণ হ’ব পকী পথ। আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থকি গুৱাহাটী পৌৰ নিগমৰ ১১ নং. ৱাৰ্ড ৰ সন্মানীয় পাৰিষদ শ্ৰীজুতা মঞ্জুলা দেৱীয়ে কয় যে – এই আভ্যন্তৰীণ পথটোৱে দাতাঁলপাৰাত থকা জনসাধাৰণৰ বহু দশক পুৰণি আশা পূৰণ কৰিব। শীঘ্ৰে গুৱাহাটী ইউটিলিটি কোম্পানী লিমিটেডে বাটৰ বন্তি (Street Lights) স্থাপন কৰিব বুলি আশ্বাস দিয়ে। খোৱাপানীৰ অভাৱত ভোগা মহানাগৰিক সকলৰ যাতনাৰ সমভাগি বুলি মন্তব্য় কৰে ৷ পৌৰ আৱৰ্জনা নিষ্কাশনৰ ক্ষেত্ৰত সাৱধান হবলৈ আহ্বান কৰে ৷ গুৱাহাটী পৌৰ নিগমে আৱৰ্জনা নিষ্কাশনৰ নামত বহূ ধন প্ৰতি বছৰে অপব্যয় কৰে ৷ মুখ্যমন্ত্রী নগৰীয়া পকী পথ নির্মাণ আঁচনিৰ পুঁজিৰ দ্বাৰা লোক নির্মাণ বিভাগে নির্মাণ কৰিবলগীয়া ফটাশিল দাতাঁলপাৰাৰ উছি ৰাম বড়ো পথ & ত্ৰিবেনী পথ , নতুনবস্তিৰ মাজত নিৰ্মাণ হ’ব পকী পথৰ নিৰ্মাণ ১১ নং ৱাৰ্ডৰ আধাৰশিলা স্থাপনৰ শুভাৰম্ভ কৰা অনুষ্ঠানত উপস্তিত থাকি সন্মানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাদেৱে কয় যে অতিশ্ৰীঘ্ৰে L&Tৰ দ্বাৰা খোৱাপানীৰ সমস্যা দূৰ হ’ব ৷ বিধায়ক গৰাকীয়ে কয়যে যিহেতু গোটেই অঞ্চলটো পাহাৰৰ কাষৰীয়া, বাৰিষা পানীৰ ঢল অতি তিব্ৰবেগত ভৈয়ামলৈ নামি আহে; হেয়েহে পথৰ কাষৰ নৰ্দমা নিৰ্মান কায্য়ত ৰাইজৰ সহায় সহযোগ কামনা কৰে ৷ ৰাইজৰ ফালৰ পৰা বিধায়ক গৰাকীক Pavers Block ৰ পৰিবৰ্ত্তে Compacted RCC বিবেচনা কৰিবলৈ অনুৰোধ কৰাত বিভাগীয় অভিযন্তাৰ দ্বাৰা যাবতীয় খিনি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ ৰাইজে দুয়োজন জানপ্ৰতিনিধি আন্তৰিক চেনেহ আৰু আশিৰ্বাদ যাচিছে আৰু আশা কৰিছে – বিশেষকৈ বাৰিষা বোকাময় অৱস্থাৰ পৰা সকাহ দিব।