গুৱাহাটীৰ কৃত্ৰিম বানৰ সমাধানসূত্ৰ ওলাবনে ? – দেবর্ষি গৌতম

pc the sentinel assam

গুৱাহাটীৰ কৃত্ৰিম বানৰ সমাধানসূত্ৰ ওলাবনে ?

দেবর্ষি গৌতম,বনগাঁও

গুৱাহাটী মহানগৰী কেৱল অসমৰে নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰে প্ৰাণকেন্দ্ৰ বুলি কব পাৰি। এক অতি ব্যস্তত্বপূৰ্ণ জীৱনশৈলীৰ মাজেৰে গুৱাহাটীত থকা স্থায়ী আৰু অস্থায়ী প্ৰতিগৰাকী লোকে জীৱন নিৰ্বাহ কৰে। মেট্ৰো চিটি, স্মাৰ্ট চিটি আদি নামেৰে অভিহিত কৰাৰ লগে লগে গুৱাহাটীৰ যি মৰ্য্যদা সেয়া বহু পৰিমানে ওপৰলৈ উঠি যায়। কিন্তু বাস্তৱ ক্ষেত্ৰত গুৱাহাটীৰ সেই মৰ্য্যদা আছে নে সেয়া কিন্তু আজিৰ দিনত এক উত্তৰবিহীন প্ৰশ্ন। কেৱল এজাক বৰষুণৰ পিছতে সমগ্ৰ গুৱাহাটীতে কৃত্ৰিম বানৰ সৃষ্টি হয়। এই কৃত্ৰিম বানৰ ফলত প্ৰায় সকলো লোকৰে জীৱন যাত্ৰা প্রায় একপ্ৰকাৰ স্তব্ধ হৈ পৰে। কৃত্ৰিম বানৰ এই সমস্যা কিন্তু গুৱাহাটীৰ বাবে একেবাৰে নতুন নহয়। তথাপিও চৰকাৰ প্ৰশাসনে প্ৰতি বছৰে এই সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্রদান কৰে যদিও কিন্তু সফলতা লাভ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ আহিছে। গুৱাহাটীৰ কৃত্ৰিম বান নিৰ্মূল কৰি গুৱাহাটী বাসীক পৰিত্ৰাণ দিয়াৰ লক্ষ্যৰে বহু উচ্ছেদ অভিযান চলোৱা আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ। কিন্তু ইয়াৰ সুফল বাস্তৱায়িত হোৱা আমি আজিলৈকে দেখিবলৈ পোৱা নাই। গুৱাহাটীত কৃত্ৰিম বান সৃষ্টিত মূল ভূমিকা পালন কৰে পাহাৰৰ পৰা নামি অহা পানীবোৰে। পাহাৰৰ পৰা নামি অহা পানীবোৰে নলাৰে কোনো বাধা অবিহনে বৈ যাব নোৱাৰাৰ ফলত নলাৰ পানীবোৰে উফন্দি বাহিৰলৈ ওলাই আহি ৰাস্তা-ঘাট সকলো বুৰাই পেলাই। এই সমস্যা কিন্তু আজি নতুনকৈ সৃষ্টি হোৱা সমস্যা নহয়। এই সমস্যা গুৱাহাটী বাসীৰ বাবে শতিকা পুৰণি সমস্যা। এনে ধৰণৰ সমস্যা সমূহ নিৰ্মূল কৰিবলৈ হলে কেৱল সৰু সৰু কেইটামান কাম কৰি দায়িত্ব সমৰিলে নহব। বৈজ্ঞানিক পদ্ধতিৰে কিদৰে এই সমস্যা সমাধান কৰিব পৰা যায় তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। বিশেষজ্ঞ সকলৰ সৈতে আলোচনা কৰি গুৱাহাটীৰ কৃত্ৰিম বানপানী সমস্যা সমাধানৰ বাবে এক সমাধানসূত্ৰ উলিয়াবলৈ প্ৰচেষ্টা হাতত লোৱাটো বৰ্তমান সময়ত অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে। কেৱল নলা সমূহ চফা কৰিয়ে প্ৰশাসন আৰু বিভাগে নিজৰ দায়িত্ব সামৰিলে গুৱাহাটীৰ কৃত্ৰিম বানৰ যি সমস্যা তাৰ সমাধান কোনো দিনে নোলাব। গুৱাহাটীৰ কৃত্ৰিম বান সমস্যাটো সমাধান কৰাৰ বাবে গুৱাহাটী বাসীৰ সহযোগিতা নিতান্তই প্ৰয়োজনীয়। কিন্তু ইয়াতে এটা কথা স্পষ্ট যে মানুহক যিমানেই সজাগ আৰু সচেতন কৰিবলৈ চেষ্টা কৰিলেও আমাৰ সমাজত এনে এচাম মানুহ আছে যি সকলে নকৰিবলগীয়া সেই কামবোৰ কৰিবলৈ অকমানো পিছ সুহুকি নাহে যিবোৰ কামৰ দ্বাৰা আমাৰ সমাজখনৰ ক্ষতি হব পাৰে। গতিকে নলা সমূহৰ পৰা আৰম্ভ কৰি নলাসমূহৰ পৰা পানী ওলাই যোৱা পথচোৱালৈকে প্ৰযুক্তিৰ সহায়ত এনে এক ব্যৱস্থাৰ সৃষ্টি কৰিব লাগিব যি ব্যৱস্থাত কোনো লোকে একো প্ৰভাৱ পেলাব নোৱাৰে। এনে ধৰণৰ স্থায়ী আৰু দীর্ঘম্যাদী পৰিকল্পনাৰ জৰিয়তে হয়তো গুৱাহাটীৰ এই কৃত্ৰিম বানৰ সমস্যাটোৰ বহু পৰিমানে সমাধানৰ পথ প্ৰশস্ত হোৱাৰ সম্ভাৱনা আছে। গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান সমস্যাৰ যদি এক স্থায়ী সমাধানসূত্ৰ নোলায় তেনেহলে প্ৰযুক্তিবিদ্যাৰ সহায়ত পৃথিৱীয়ে ইমান সফলতা লাভ কৰাৰ পিছত এনে ধৰণৰ বিফলতাসমূহ অতিকৈ দুৰ্ভাগ্যজনক হিচাপে বিবেচিত হব।