গুৱাহাটীত ৰাইজৰ দলৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন

গুৱাহাটীত ৰাইজৰ দলৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন
বিশিষ্ট বুদ্ধিজীৱি, উদ্যোগী, সাংবাদিকৰ উপস্থিতিত ৰাইজৰ দলৰ ‘সপোনৰ অসম’ ৰ ৰূপৰেখা উপস্থাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাইজৰ দলৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস দিনটোজোৰা কাৰ্যসূচীৰে গুৱাহাটীৰ পাঞ্জাৱাৰীস্থিত শিল্পগ্ৰামত অনুষ্ঠিত হয়। পুৱাৰ পৰা আৰম্ভ হোৱা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত দলীয় পতাকা উত্তোলন কৰে দলৰ কেন্দ্ৰীয় সভাপতি অখিল গগৈয়ে। ইয়াৰ পাছতে ‘কা’ আন্দোলনৰ ছহিদ সকলৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰে দলৰ কাৰ্যকৰী সভাপতি কবীন্দ্ৰ চেতিয়া ফুকনে। উক্ত অনুষ্ঠানতে দলৰ সদ্যপ্ৰয়াত উপ সভাপতি হিৰণ্য বৰপাত্ৰগোঁহাইৰ প্ৰতি সন্মান জনাই স্মৃতিচাৰণৰ লগতে স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। আজিৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অসমৰ সমাজ জীৱনৰ কেইবাগৰাকীও পুৰোধা ব্যক্তি, সাংবাদিক, বুদ্ধিজীৱি আৰু উদ্যমীয়ে উপস্থিত ৰাইজৰ দলৰ কৰ্মী, আই আই টি কে ধৰি আগশাৰীৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ পৰা নিমন্ত্ৰিত ছাত্ৰ ছাত্ৰী সকলৰ সৈতে মত বিনিময় কৰে। অতিথি সকলৰ ভিতৰত বিশিষ্ট বুদ্ধিজীৱি ড০ হীৰেন গোহাঁই, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক আব্দুল মান্নান, প্ৰাক্তন শীৰ্ষ অসামৰিক সেৱাৰ বিষয়া লক্ষ্মীনাথ তামুলী, বিশিষ্ট চিকিৎসক ডাঃ নৱনীল বৰুৱা, বিশিষ্ট নিৱন্ধকাৰ তথা উদ্যোগী ব্ৰজেন ডেকা, গৱেষক তথা যুৱ লেখক অংকুৰ তামুলী ফুকন, নিবন্ধকাৰ কিশোৰ কুমাৰ কলিতা, মৃণাল গোঁহাই, নয়ন কুমাৰ বৰা, বিশিষ্ট উদ্যমী হীৰেন চেতিয়া, নিপেন চেতিয়া, সূৰুয চেতিয়া, মৃদুল চৌধুৰী, ৰাণী গোহাঁই, দেৱব্ৰত গগৈ, শুভ্ৰম গোস্বামী, ৰাইজৰ দলৰ ৰাজনৈতিক উপদেষ্টা তথা কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সীতানাথ লহকৰ, গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ঘনশ্যাম নাথ, প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান দিলীপ বৰাৰ লগতে জাতীয় কংগ্ৰেছ দলৰ অসম প্ৰদেশৰ সাধাৰণ সম্পাদক বিপুল গগৈ, চি পি আই দলৰ ৰাজ্যিক সম্পাদক কনক গগৈ, চি পি আই এম দলৰ জেষ্ঠ নেতা নয়ন ভূঞা, নিৰংকুশ নাথ, অল পাৰ্টি হিল্ছ লিডাৰ্ছ কনফাৰেন্সৰ সভাপতি জনছ ইংতি কাথাৰ, বিশিষ্ট সাংবাদিক মৃণাল তালুকদাৰ, অতনু ভূঞা, শোণিত ভূঞা আদিৰ নাম উল্লেখযোগ্য। এক অগতানুগতিক কাৰ্যসূচীৰে পালন কৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকীও উদ্যোগীৰ সৈতে ছাত্ৰ, যুৱ সকলৰ মত বিনিময় অনুষ্ঠান আছিল এক অন্যতম আকৰ্ষণ। উল্লেখযোগ্য এই অনুষ্ঠানতে ৰাইজৰ দলৰ সপোনৰ অসমৰ এক ৰূপৰেখা ভিডিঅ’ স্ক্ৰীনযোগে উপস্থাপন কৰাৰ লগতে দলৰ সভাপতি অখিল গগৈয়ে ৰাইজৰ দলে চৰকাৰ গঠন কৰিলে বা চৰকাৰ গঠন কৰিলে কোনকেইটা বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিব তাৰ এক আভাস দিয়ে। তেখেতে কয় ৰাইজৰ দল ক্ষমতালৈ আহিলে মূলতঃ পাঁচটা নিশ্চিতি প্ৰদান কৰিব। সেইসমূহ হৈছে অসমৰ সকলো খেতিপথাৰত ১০০ শতাংশ জলসিঞ্চনৰ ব্যৱস্থা কৰি বছৰৰ সকলো সময়তে খেতি কৰিব পৰাৰ ব্যৱস্থা কৰা, খেতিয়কে উৎপাদন কৰা প্ৰতিটো বস্তুৰ নূন্যতম সমৰ্থন মূল্য প্ৰদান কৰা,অসমৰ স্থায়ী আৰু স্থানীয় মানুহে প্ৰতিযোগিতাৰ জৰিয়তে বজাৰ দখল কৰিবলৈ সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা, অসমৰ প্ৰত্যেকখন গাঁৱত ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰি অৰ্থনৈতিক বিকাশৰ লগতে সংস্থাপনৰ ব্যৱস্থা কৰা আৰু অসমক শ্ৰেষ্ঠ পৰ্যটন ৰাজ্য ৰূপে গঢ়ি তোলা।