গুৱাহাটীত ১৬ দিনত এছ অ’ পি ভংগকাৰীক সকলৰ পৰা ১৩ লক্ষাধিক টকাৰ আৰ্থিক জৰিমনা সংগ্ৰহ

বাৰ্ত্তাসেৱা- কোভিড প্ৰতিৰোধৰ উদ্দেশ্যে চৰকাৰে জাৰি কৰা নীতি-নির্দেশনা উলংঘা কৰা লোকৰ বিৰুদ্ধে কঠোৰ হৈছে মহানগৰ আৰক্ষীৰ যান-বাহন শাখা। মহানগৰীৰ প্ৰত্যেকখন থানা এলেকাত বিশেষ অভিযান চলাই মাস্ক পৰিধান নকৰা আৰু যুগ্ম-অযুগ্ম নম্বৰ উলংঘা কৰি যান-বাহন চলোৱা লোকৰ বিৰুদ্ধে এজাহাৰবিহীন গোচৰ ৰুজু কৰাৰ লগতে প্রশাসনে নিৰ্ধাৰণ কৰা অনুসৰি জৰিমনাও বিহে ৷ যান-বাহন আৰক্ষীৰ শীর্ষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি যোৱা ৪ মে’ৰ পৰা ২০ মে’লৈকে যান-বাহন আৰক্ষীয়ে মহানগৰীৰ বিভিন্ন থানা এলেকাৰ পৰা চৰকাৰে জাৰি কৰা এছ অ’ পি ভংগ কৰা চালকৰ পৰা ১৩ লক্ষাধিক টকাৰ জৰিমনা আদায় কৰে। অর্থাৎ বিগত ১৬ দিনত মহানগৰীত যান-বাহ ন আৰক্ষীয়ে এছ অ’ পি ভংগকাৰীক ১৩ লক্ষাধিক টকাৰ আৰ্থিক জৰিমনা বিহে ৷ আনহাতে মুঠ আদালতলৈ এজাহাৰবিহীন গোচৰ প্ৰেৰণ কৰা হয় ৩,৫৫৪ টা। ইয়াৰ বিপৰীতে দুচকীয়া, তিনি-চাচিকীয়াকে ধৰি মুঠ ৩৮৬ খন বাহন জব্দ কৰা হয়। মহানগৰীৰ বৃহত্তৰ জনজীৱনৰ স্বাৰ্থত যান বাহন আৰক্ষীয়ে সৰ্বসাধাৰণক সান্ধ্য আইন আৰু কোভিড প্ৰতিৰোধৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে জাৰি কৰা এছ অ’ পি আখৰে আখৰে মানি চলিবলৈ মহানগৰবাসীক আহ্বান জনায় ।