গুৱাহাটীত জগন্নাথ স্নান যাত্ৰা মহোৎসৱ
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰৰ জয়ানগৰ চাৰিআলিত অৱস্থিত জগন্নাথ সাংস্কৃতিক ক্ষেত্ৰ ইচকন গুৱাহাটীৰ উদ্যোগত শনিবাৰে বিয়লি ৪ বজাত জগন্নাথ স্নান যাত্ৰা মহোৎসৱ অনুষ্ঠিত হ’ব ৷ গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত সংবাদমেলত ইচকন গুৱাহাটী ভক্ত গজেন খাউণ্ডে এই কথা জানিবলৈ দিয়ে ৷ স্নান যাত্ৰা হ’ল ভগৱান জগন্নাথৰ জন্মদিন ৷ ইচকন গুৱাহাটীত জগন্নাথৰ জন্মদিন এক উৎসৱমুখৰ পৰিৱেশত উদযাপন কৰা হয় ৷ ঐতিহাসিক উৎপত্তি অনুসৰি স্নান যাত্ৰা হাজাৰ হাজাৰ বছৰ আগে পুৰীত ভগৱান জগন্নাথৰ লগত জড়িত অনুষ্ঠানৰ অংশ হিচাপে আৰম্ভ হৈছিল ৷ পুৰীত এই মহান উৎসৱক ‘ স্নান পূৰ্ণিমা’ বা ‘ স্নান যাত্ৰা’ বোলা হয়৷ জেঠ মাহৰ পূৰ্ণিমাৰ দিনা ভগৱান জগন্নাথ, বলোৰাম আৰু সুভদ্ৰাক অভিশেষ অনুষ্ঠানত স্নান কৰা হয় ৷ স্ক’ন্ধ পুৰাণ মতে এই পৰম্পৰা দেৱতা স্থাপনৰ সময়ত ৰজা ইন্দ্ৰদ্যুম্নই প্ৰতিষ্ঠা কৰিছিল ৷ বিশ্বাস কৰা হয় যে এই দিনটোত ভগৱান জগন্নাথৰ ওচৰত ভক্তই নিজকে শুদ্ধ কৰিব পাৰে ৷ প্ৰভুৰ প্ৰতি ধ্যান আৰু নিস্বৰ্ত ভক্তি নিবেদন কৰিব পাৰে ।যাৰ কাৰণে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্ত এই পবিত্ৰ উৎসৱৰ সাক্ষী হ’বলৈ পুৰীত উপস্থিত হয় ৷ সামগ্ৰিকভাৱে স্নান যাত্ৰা হৈছে আনন্দ ভক্তি আৰু আধ্যাত্মিক তাৎপৰ্যৰ উৎসৱ, যি স্থানত ভক্তই ঐশ্বৰিক উপস্থিতি উদযাপন কৰে আৰু নিজৰ পৰিয়ালৰ কাৰণে আশীৰ্বাদ কামনা কৰে ৷ সংবাদমেলত মায়াপুৰৰ ইচকনৰ ভক্ত মণিগোপাল দাস আৰু ইচকন গুৱাহাটীৰ ভক্ত সুদৰ্শন গোড়চান্দ দাস আৰু ড° নিপাংক শৰ্মা উপস্থিত থাকে ৷