গুৱাহাটীত এবিভিপি’ৰ প্ৰাক্ ব’হাগী উৎসৱ উদযাপন

গুৱাহাটীত এবিভিপি’ৰ প্ৰাক্ ব’হাগী উৎসৱ উদযাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  সন্মূখত অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু। অসম আৰু অসমীয়াৰ উৎসাহৰ আৰু আদৰৰ এই ৰঙালী বিহুৰ প্ৰাক্ ক্ষণত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বি. বৰুৱা মহাবিদ্যালয়, পাণ্ডু মহাবিদ্যালয় গোটৰ উদ্যোগত নেহৰু ষ্টেডিয়ামৰ বাকৰিত আৰু পাণ্ডু মহাবিদ্যালয়ত বিস্তৃত কাৰ্যসূচীৰে প্ৰাক্ ব’হাগী উৎসৱ উদযাপন কৰা হয়। গুৱাহাটী মহানগৰীৰ প্ৰায় গোটেইকেইখন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত অতি উলহ মালহেৰে এই প্ৰাক্ ব’হাগী উৎসৱ উদযাপন কৰা হয়। উক্ত অনুষ্ঠানত বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক সম্পাদক হেৰল্ড মহন আৰু দুয়োখন মহাবিদ্যালয়ৰেই অধ্যাপক-অধ্যাপিকা সকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানত উপস্থিত থাকি বিদ্যাৰ্থী পৰিষদৰ ৰাজিক সম্পাদক হেৰল্ড মহনে সমগ্ৰ অসমবাসীক আগন্তুক ৰঙালী বিহুৰ ওলগ আৰু আহি থকা অসমীয়া নৱবৰ্ষৰ অলেখ শুভকামনা জ্ঞাপন কৰে। লগতে তেওঁ কয় যে “এয়া হৈছে উৎসৱ আৰু আনন্দৰ সময়, সমগ্ৰ অসমবাসী এতিয়া হেঁপাহৰ ৰঙালীক আদৰাৰ প্ৰস্তুতিত ব্যস্ত। এই ৰঙালী বিহুৰ বিনন্দীয়া সময়ে সকলোৰে জীৱনলৈ সুখ আৰু আনন্দ কঢ়িয়াই লৈ আহক’