গুৱাহাটীত এবিভিপিৰ উত্তৰ পূব ক্ষেত্ৰৰ মিডিয়া কৰ্মশালা
ৰঙিলী বাৰ্ত্তাসেৱা- অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ কাৰ্যকৰ্তা সকলৰ এখন মিডিয়া কৰ্মশালা ৩০ মাৰ্চত গুৱাহাটীৰ আমিনগাঁওস্থিত যুৱ বিকাশ কেন্দ্ৰ অনুষ্ঠিত হয়। দিনজোৰাকৈ অনুষ্ঠিত হোৱা এই কৰ্মশালাত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ পৰা অৰ্ধ শতাধিক বিদ্যাৰ্থী কাৰ্যকৰ্তা সকলে অংশগ্ৰহণ কৰে।বিদ্যাৰ্থী পৰিষদৰ উত্তৰ পূৰ্বাঞ্চলৰ অসম, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ বিদ্যাৰ্থী সকলৰ অংশগ্ৰহণেৰে আমিনগাঁও স্থিত যুৱ বিকাশ কেন্দ্ৰত অনুষ্ঠিত হয়। বৰ্তমান সময়ত সংবাদ মাধ্যমৰ গুৰুত্ব, বাতৰি লিখনি, সাংবাদ মাধ্যমৰ লগত সম্পৰ্ক স্থাপন আদিৰ ওপৰত বিশেষভাৱে আলোচন কৰা হ’য়। ছাত্ৰ ছাত্ৰী সকলে কেনেদৰে নিজৰ অঞ্চলৰ কোনো এটি সংবাদ বা কোনো কাৰ্যক্ৰমৰ ওপৰত কেনেদৰে এটি প্ৰেছ বিজ্ঞপ্তি লিখিব লাগে বা তাক তাৰ ওপৰত উপস্থিত সমল ব্যক্তিসকলে উপস্থাপন কৰে।অনুষ্ঠানত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় মিডিয়া সংযোজক আশুতোষ সিং ডাঙৰীয়াই সংবাদ মাধ্যমৰ গুৰুত্ব, বিদ্যাৰ্থী পৰিষদৰ বিষয়বস্তু সমূহ সংবাদ মাধ্যমৰ আগত কেনেদৰে উপস্থাপন কৰিব লাগে তাৰ ওপৰত বাখ্যা কৰাৰ লগতে বৰ্তমান সময়ত এজন ছাত্ৰ বা ছাত্ৰীয়ে যদি নিজকে সংবাদ ক্ষেত্ৰত কেৰিয়াৰ গঢ়িব বিচাৰিলে কেনেদৰে আগবাঢ়িব লাগে তাৰ ওপৰতো বিশেষ ভাৱে আলোকপাত কৰে।