গুৱাহাটীত উপস্থিত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানী

গুৱাহাটীত উপস্থিত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানী

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীত উপস্থিত ৰিলায়েন্স ইণ্ডিয়াষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ তথা উদ্যোগপতি মুকেশ আম্বানি।বিশেষ বিমানেৰে পুৱা প্ৰায় ১০-০০ বজাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত উপস্থিত হৈ দেশৰ বিশিষ্ট উদ্যোগপতিগৰাকী। গুৱাহাটীত দুদিনীয়াকৈ আয়োজন কৰা এডভাণ্টেজ আছাম ২.০ত অংশগ্ৰহণ কৰিব মুকেশ আম্বানি। বিমান বন্দৰত বিহু নৃত্য পৰিৱেশনেৰে উদ্যোগপতিগৰাকীক আদৰণি জনালে শিল্পীসকলে। তাৰোপৰি এডভাণ্টেজ আছাম ২.০ত অংশগ্ৰহণৰ বাবে অহা আম্বানিক মন্ত্ৰী পীযুষ হাজৰিকাই উষ্ম আদৰণী জনায়। এডভাণ্টেজ আছামৰ বৈঠকত ভাগ ল’ব মুকেশ আম্বানিৰ উপৰি গৌতম আদানিৰ দৰে উদ্যোগপতিসকলে।