গুণ
গুণ এনে নহয় যে মিলাম কবিতাৰ ছন্দ,
যিয়েই কৰে অভ্যসন সিয়েই গুণৱন্ত।
কোনেও কৰিব নোৱাৰে জ্ঞানৰ অভ্যহাৰ,
চুৰি কৰা গুনেই হয় ডাঙৰ অপকাৰ।
জ্ঞানক লৈ কিছুমানে কৰে অভিমান,
গুণৰ পৰাই সকলো হব পাৰে সৰ্বশক্তিমান।
গুণী লোকে নিজৰ নাভাবি আনৰ সহায় কৰে,
গুণী লোকৰ মৃত্যুৰ পাছত ফুলৰ বিচনাত পৰে ৷
গুণী লোকৰ হয় জীবন ধন্য,
অহংকাৰী লোকৰ বাবে আছে বিশাল দুবিধাৰ অৰণ্য ৷
প্ৰকৃতিয়ে হয় সকলোতকৈ গুণৱন্ত,
এই গুণৰ নহয় কেতিয়াও অন্ত।
গুণী লোক হয় দেশৰ ভক্ত,
আৰু প্ৰয়োজনত বোৱাই দেশৰ বাবে মূল্যবান ৰক্ত।
-নিতিষ্মান দাস
সপ্তম শ্রেণী