গুটখা আৰু পাণমচলা কেতিয়া বন্ধ হব ?- দেবর্ষি গৌতম

গুটখা আৰু পাণমচলা কেতিয়া বন্ধ হব ?

দেবর্ষি গৌতম
বনগাঁও

গুটখা অথবা পাণমচলা মানব শৰীৰ বাবে অতিকৈ ক্ষতিকাৰক। এই কথা কেৱল মুখেৰে কোৱা কথা নহয়। বিভিন্ন সমীক্ষা তথা বিভিন্ন গৱেষণাত এনেধৰণৰ তথ্য সময়ে সময়ে প্ৰকাশ হৈ আহিছে। গুটখা অথবা পাণমচলা খোৱাৰ ফলত কোনো ব্যক্তিৰ দেখাত তাৎক্ষণিক ভাৱে কোনো ৰোগৰ লক্ষণে দেখা নিদিয়ে। লাহে লাহে আৰু অতি সন্তৰ্পণে গুটখা অথবা পাণমচলাই এগৰাকী ব্যক্তিৰ দেহত বিভিন্ন ধৰণে ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে। প্ৰথম অৱস্থাত এগৰাকী ব্যক্তি এই গুটখা অথবা পাণমচলাৰ প্ৰতি আসক্ত নহয় যদিও দিন যোৱাৰ লগে লগে যেতিয়া খোৱাৰ পৰিমাণ বৃদ্ধি হয় তেতিয়াই নিজে গম নোপোৱাকৈ সেই ব্যক্তিগৰাকী আসক্ত হৈ পৰে। গুটখা অথবা পাণমচলাৰ আশক্তিয়ে এগৰাকী ব্যক্তিক এখোজ এখোজকৈ মৃত্যুৰ দুৱাৰ দলিলৈ আগবঢ়াই লৈ যায়। হয়তো যি কথা এগৰাকী ব্যক্তিয়ে গুটখা অথবা পাণমচলা খোৱাৰ আগত নাইবা পিছত কেতিয়াও কল্পনা নকৰে। বজাৰত অতি সহজলভ্য হোৱা হেতুকে যিকোনো বয়সৰ লোকে এই গুটখা অথবা পাণমচলা কিনিব পাৰে। যাৰ ফলত বহুত কম বয়সৰ লৰা ছোৱালীও গুটখা অথবা পাণমচলা কিনি খাবলৈ সুবিধা লাভ কৰিছে। মানৱ শৰীৰ বাবে অতিকৈ হানিকাৰক এই গুটখা অথবা পাণমচলা যদি সমাজৰ পৰা দূৰ নহয় তেনেহলে এটাৰ পিছত এটা প্ৰজন্মৰ বিভিন্ন লোক ইয়াৰ প্ৰতি আসক্ত হব আৰু বিভিন্ন ৰোগত আক্ৰান্ত হব। গুটখা অথবা পাণমচলাৰ প্ৰতি আসক্ত ব্যক্তিসকলৰ দেহত ধৰা পৰা প্ৰধান ৰোগবিধ হৈছে কৰ্কট ৰোগ। যি ৰোগ হোৱাৰ পিছত এগৰাকী ব্যক্তি জীৱন মৃত্যৰ সৈতে যুজঁ দিয়াৰ উপৰিও আৰ্থিক অৱস্থা টনকিয়াল নহলে সৰ্বশ্ৰান্ত হৈ পৰাৰ সম্ভাৱনা অধিক প্ৰকট হৈ উঠে। বহু লোকে চিকিৎসাৰ অন্তত কৰুণ মৃত্যুক আঁকোৱালি লবলৈ বাধ্য হৈ পৰে। সমাজৰ বাবে অতি মাৰাত্মক এনেধৰণৰ বস্তু সমূহ অতি শীঘ্ৰে বজাৰত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিব লাগে। আমি বহু সময়ত দেখিবলৈ পাওঁ যে প্ৰশাসনৰ ফালৰ পৰা বজাৰত বিক্ৰী হৈ থকা কিছুমান গুটখাৰ বিৰুদ্ধে অভিযান চলে। কিন্তু কেৱল গুটখাৰ বিৰুদ্ধে নহয় পাণমচলাৰ বিৰুদ্ধেও এই অভিযান চলিব লাগে। গুটখা বিক্ৰীৰ বিৰুদ্ধে যদিও মাজে মাজে বজাৰত প্ৰশাসনৰ অভিযান চলে তথাপিও কিন্তু সেয়া সাময়িক অভিযানহে মাথোঁ। যদি সচাকৈ চৰকাৰ প্ৰশাসনৰ গুটখা আৰু পাণমচলা সমাজৰ পৰা স্থায়ীভাৱে নিৰ্মূল কৰাৰ সদিচ্ছা আছে তেনেহলে কেৱল সাময়িক অভিযান চলোৱাৰ পৰিবৰ্তে ইয়াৰ উৎপাদন বন্ধ কৰিব লাগিব। উৎপাদন বন্ধ নকৰিলে যিমানে অভিযান চলিলেও চোৰাংকৈ হলেও ইয়াৰ বিক্ৰী চালিয়ে থাকিব। এনে ধৰণৰ উদ্যোগ অথবা প্ৰতিষ্ঠান সমূহৰ পৰা চৰকাৰে এক মোটা অংকৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হয় সেই কথা সৰ্বজনবিদিত। কিন্তু কেৱল ৰাজহ আদায় কৰাৰ স্বাৰ্থক অগ্ৰাধিকাৰ দি চৰকাৰে কেতিয়াও সাধাৰণ ৰাইজৰ জীৱনক অৱজ্ঞা কৰিব নোৱাৰে। বৰ্তমান সময়ত সাধাৰণ ৰাইজৰ জীৱনৰ প্ৰতি গুটখা অথবা পাণমচলাই যিদৰে ভাবুকি কঢ়িয়াই আনিছে তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ব্যৱস্থা লোৱাৰ সময় সমাগত হৈছে। যদি ৰাজহ আদায় কৰাৰ স্বাৰ্থত চৰকাৰে এই সমূহ বিষয় আওকান কৰে তেনেহলে আমাৰ সমাজৰ বিশেষকৈ যুৱপ্ৰজন্মৰ অধিকাংশ যুৱক-যুৱতীৰ জীৱনলৈ অতি কম সময়ৰ ভিতৰত অন্ধকাৰ নামি আহিব। যাতে সময় থাকোতে চৰকাৰে এনেবোৰ বিষয় অতি গুৰুত্বসহকাৰে বিবেচনা কৰে সেয়া আমাৰ সমাজৰ প্ৰতিগৰাকী সচেতন লোকৰে কাম্য।