দিল্লী, মুম্বাইকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত প্রবল বৃষ্টিপাত

বাৰ্ত্তাসেৱা – সামুদ্রিক ঘূর্ণি টাওটেৰ প্ৰভাৱত দিল্লী, হাৰিয়ানাত প্রবল বৃষ্টিপাত হৈছে। দিল্লীত হোৱা বৃষ্টিপাত অভিলেখ সৃষ্টিকাৰী বুলি বতৰ বিজ্ঞান সংস্থাই সদৰী কৰে। ৩৫ বছৰৰ ভিতৰত মে’ মাহত ২৪ ঘণ্টাৰ ভিতৰত হোৱা এয়াই হৈছে সর্বাধিক বৃষ্টিপাত ৷ বৃষ্টিপাতৰ ফলত ঠায়ে ঠায়ে পানী জমা হোৱা পৰিলক্ষিত হৈছে। দিল্লীৰ লগতে উত্তৰ প্ৰদেশ, উত্তৰ ৰাজস্থান, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডতো এই সামুদ্রিক ধুমুহাৰ প্ৰভাৱত প্রবল বৃষ্টিপাত অব্যাহত আছে। হাৰিয়ানা চৰকাৰে ৰাজ্যখনত অব্যাহত থকা বৃষ্টিপাতৰ ফলত উদ্ভৱ হ’ব পৰা পৰিস্থিতি মোকাবিলা কৰাৰ বাবে সকলো জিলা উপায়ুক্তক নির্দেশ দিছে। লগতে সাজু কৰি ৰাখিছে দুৰ্যোগ প্রশমন বিভাগক। ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী দুষ্মন্ত চৌতালাই আগন্তুক ৪৮ ঘণ্টাৰ বাবে নাগৰিকসকলক ঘৰতে থাকিবলৈ পৰামৰ্শ দিয়ে। ইতিমধ্যে এই ঘূৰ্ণিৰ প্ৰভাৱত ৰাজ্যসমূহত বৃষ্টিপাত আৰম্ভ হৈছে যদিও ঘূৰ্ণিৰ প্ৰবল্য হ্রাস পাইছে। গুজৰাটত এই ঘূৰ্ণিৰ প্ৰভাৱত যোৱা সোমবাৰে নিশা ৪৫জনকৈ লোকৰ মৃত্যু ঘটে। নিহতসকলৰ পৰিয়ালক চাৰি লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ৰাজ্য চৰকাৰে ঘোষণা কৰিছে। ইতিমধ্যে প্রধানমন্ত্রীয়ে এহেজাৰ কোটি টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে গুজৰাটৰ বাবে। গোৱাটো এই ঘূৰ্ণিৰ প্ৰভাৱত দুজন লোকৰ আৰু ৰাজস্থানত এজন লোকৰ মৃত্যু ঘটে। এই সামুদ্রিক ঘূৰ্ণিৰ প্ৰভাৱত মুম্বাইত সর্বাধিক বৃষ্টিপাত হয়। ধুমুহা আৰু বৃষ্টিপাতৰ ফলত মুম্বাইত অতি কমেও ৮১২ডাল গছ উভালি পৰিছে।