গুজৰাটৰ সপুতৰাত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত

গুজৰাটৰ সপুতৰাত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত

ৰঙিলী বাৰ্ত্তাসেৱা- গুজৰাটৰ সাপুতৰাত সংঘটিত হয় এক ভয়ংকৰ বাছ দুৰ্ঘটনা। সাপুতৰা ঘাটৰ সমীপৰ দ খাৱৈত বাগৰি পৰিল চুৰাটৰ পৰা অহা এখন বিলাসী বাছ। এই ঘটনাত দুটি শিশুৰ মৃত্যু হৈছে। অনুমান কৰা হৈছে যে এই বিলাসী বাছখনত প্ৰায় ৭০ জন যাত্ৰী আছিল। সূত্ৰ অনুসৰি পৰ্যটক কঢ়িয়াই নিয়া বিলাসী বাছখন নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ দ খাৱৈত বাগৰি পৰে, যাৰ ফলত বহুলোক বাছখনৰ তলত আৱদ্ধ হৈ পৰে ৷ চৰকাৰী সূত্ৰই জনোৱা মতে, শিশু দুটি বাছৰ তলত সোমাই যোৱাৰ ফলত চেপা খাই মৃত্যু হয় ৷এই ঘটনাৰ পিচতে ততাতৈয়াকৈ ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰকাৰী দল উপস্থিত হয় ৷ বাছৰ তলত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে অভিযান চলায় উদ্ধাৰকাৰীৰ দলে ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিচতে সেই স্থানত সমবেত হয় এক জনসমাগম ৷ পথৰ কাষৰ বেৰৰ ওপৰেৰে জপিয়াই পৰে বাছখন ৷ ক্ৰেনৰ সহায়ত খাৱৈৰ পৰা উলিয়াই অনা হয় বাছখন ৷