গুজৰাটত এয়াৰবাছ বিমান নির্মাণ কাৰখানা উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্রো ছানচেজে

গুজৰাটত এয়াৰবাছ বিমান নির্মাণ কাৰখানা উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্রো ছানচেজে

ৰঙিলী বাৰ্ত্তসেৱা-  গুজৰাটৰ বদোদৰাত টাটা এয়াৰবাছ বিমান নির্মাণ কাৰখানাৰ উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্রো ছানচেজে। টাটা এয়াৰবাছ বিমান নির্মাণ কাৰখানা উদ্বোধন কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু স্পেইনৰ প্রধানমন্ত্রী পেড্রো ছানচেজে এক বিশাল ৰোডশ্ব’ত অংশগ্ৰহণ কৰে। ভাৰতৰ অসামৰিক পৰিবহণ আৰু প্ৰতিৰক্ষা নিৰ্মাণৰ মাইলৰ খুঁটি হিচাপে পৰিগণিত এই প্রকল্পটোত ৫৬ এয়াৰবাছ চি ২৯৫ বিমান নির্মাণ কৰা হ’ব। ইয়াৰে ভিতৰত চুক্তি অনুসৰি বদোদৰাত টাটা এয়াৰবাছ বিমান নির্মাণ কাৰখানাত ৪০খন বিমান নির্মাণ কৰা হ’ব। ভাৰতৰ প্ৰথম ব্যক্তিগত খণ্ডৰ সামৰিক নিৰ্মাণ কাৰখানা টাটা এডভান্সড ছিষ্টেমে স্পেইনৰ সৈতে হোৱা চুক্তি অনুসৰি ৪০খন বিমান নিৰ্মাণ কৰিব। উল্লেখ্য যে ২০২১ চনত ছেপ্টেম্বৰ মাহত ২.৫ বিলিয়ন মার্কিন ডলাৰৰ ঠিকাত চূড়ান্ত হোৱা চুক্তি অনুসৰি টাটা এডভান্সড ছিষ্টেমে ভাৰতীয় বায়ুসেনা বাহিনীক ৪০খন বিমান যোগান ধৰিব। এয়াৰবাছ স্পেইনৰ সৈতে চুক্তি হোৱা টাটা এয়াৰবাছে সামৰিক বিমান নির্মাণ কৰি মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড অভিযানক সফল কৰি তুলিব। এই নিৰ্মাণ কাৰখানা উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমাজহিতৈষী উদ্যোগপতি প্রয়াত ৰতন টাটাক স্মৰণ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়- অলপতে আমি দেশৰ সুযোগ্য সন্তান ৰতন টাটাক হেৰুৱালোঁ। যদি তেওঁ আজি আমাৰ মাজত থাকিলেহেঁতেন, তেওঁ অতি সুখী হ’লহেঁতেন। কিন্তু তেওঁৰ আত্মা য’তেই আছে তাতেই তেওঁ সুখী হ’ব। এই চি ২৯৫ বিমান নিৰ্মাণ কাৰখানাই নতুন ভাৰতৰ নতুন কর্মসংস্কৃতিক প্রতিফলিত কৰে। যেতিয়া মই গুজৰাটৰ মুখ্যমন্ত্ৰী আছিলোঁ, তেতিয়াই বদোদৰাত ৰে’লৰ দবা নিৰ্মাণ কৰা ফেক্টৰী এটা সিদ্ধান্ত লৈছিলোঁ আৰু নির্দিষ্ট সময়তে সেই কাৰখানাত ৰে’লৰ দবা নিৰ্মাণ কৰা প্ৰক্ৰিয়া আৰম্ভ হৈছে। আজি আমি তাতেই নির্মাণ কৰা মেট্র’ দবা পৃথিৱীৰ বিভিন্ন দেশলৈ ৰপ্তানি কৰি আছোঁ। মোৰ বিশ্বাস এই বিমান নিৰ্মাণ কাৰখানাত নির্মিত বিমানেও ভবিষ্যতে আন দেশলৈ ৰপ্তানি কৰিব পৰা যাব। তদুপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়- বিগত ৫-৬ বছৰত ভাৰতত ১ হাজাৰ নতুন প্ৰতিৰক্ষা ষ্টার্ট আপ আহিছে। বিগত ১০ বছৰত ভাৰতৰ প্ৰতিৰক্ষা সামগ্ৰী ৰপ্তানি ৩০ গুণ বাঢ়িছে। সম্প্রতি আমি ১০০তকৈ অধিক দেশলৈ প্ৰতিৰক্ষা সঁজুলি ৰপ্তানি কৰি আছোঁ। আমি দেশত দক্ষতা আৰু সংস্থাপন সৃষ্টিত প্রাধান্য দি আছো। এয়াৰবাছ আৰু টাটাৰ সমন্বয়ত গঢ়ি উঠা এই কাৰখানাত কেইবা হাজাৰ সংস্থাপন সৃষ্টি হ’ব।