গীতি কবিতা
ৰুমী কলিতা দত্ত
কেন্দুগুৰি(টিংখং)
গছে-পাতে নামিছে ফাগুন
পলাশ-মদাৰ মোৰেনো আপোন
দেহতে নামিছে ফাগুন
শিমলুত জিলিকে সপোন।
যৌৱনৰ বা বলিছে তই জাননে
সোণ জাননে
মনে কি বিচাৰে তই জাননে
সোণ জাননে
মদাৰে মেলিলে পাহি
হিয়াতে তোৰেনো হাঁহি।
হিয়া ডোলে
মন নাচে
পছোৱা বলিলে
যৌৱন নামে
দেহৰ কোঁহে কোঁহে
বসন্ত আহিলে।
মনৰ মাজৰ মৰমবোৰে
তোমাকে বিচাৰিব
তুমি কাষত নাথাকিলে
অন্তৰে মোৰ কান্দিব