গিৰিমল্লিকা
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি
খৰিকাজাঁই
মোৰ ৰঞ্জিত প্ৰাংগণত
তুমি যেন এজনী অৱগুন্ঠিতা ,
আছা শোভি শুভ্ৰ বেশত বিলাই সুৰভি
পাৰি থোৱা শ্যামল বননিত !
তাহানিৰ লুইতৰ তীৰ ভূমিত
বুটা বছা হৰিৎ বসন পিন্ধি
উটোৱাই দিছিলা ৰূপালী ঢৌত যৌৱন উতলা মন,
লুইতৰ উন্মাদনাত খহি পৰিছিল তোমাৰ দেহৰ
মনি-মুকুটা ধন ।
তোমাৰ ভগ্ন দেহৰ এটা অংশ
মোৰ শ্যামল বননিৰ আলহী
প্ৰত্যক্ষ কৰিছিলোঁ,
ওৰণিৰ তলত তোমাৰ লাজুকী চাৱনি
কৰে নো মোৰ অচিন আজলী জনী ।
বন্য বুলি তিৰস্কাৰ
আজি তোমাৰ দেহ ৰূপে গুণে জাতিষ্কাৰ
শয়নৰ তুমি যেন মধুচন্দ্ৰিকা,
উলটি যোৱাৰ পথত সকলোৱে ৰ- লাগি চাই,
মোৰ পদূলিত তুমি খৰিকাজাঁই ।