গাহৰি-ব্ৰয়লাৰ আমদানীত চৰকাৰৰ নিষেধাজ্ঞা
ৰঙিলী বাৰ্ত্তাসেৱা- আফ্ৰিকান ছোৱাইন ফিভাৰৰ বাবে বিগত দুটা বছৰে সাংঘাতিক ক্ষতিৰ সন্মুখীন হ’বলগীয়া হ’ল অসমৰ ব্যৱসায়িক ক্ষেত্ৰখন। অসমত ছোৱাইন ফিভাৰৰ কোনো বিশেষ প্ৰভাৱ নাই যদিও অন্য ৰাজ্যত আতংকৰ সৃষ্টি কৰিছে এই ৰোগে। সেয়ে ছোৱাইন ফিভাৰৰ পৰা অসমবাসী আৰু কৃষকক ৰক্ষা কৰিবলৈ সাজু হৈছে অসম চৰকাৰ। ৰাজ্যত বন্ধ কৰি দিয়া হৈছে বহিঃৰাজ্যৰ পৰা অহা মুৰ্গী আৰু গাহৰিৰ প্ৰৱেশ। যিহেতু ভিন্ন ৰাজ্যৰ পৰা চাহিদা পুৰাবলৈ অসমলৈ প্ৰায় ৬০ শতাংশ গাহৰিৰ আমদানি হয় যদিও এতিয়া কঠোৰ হৈছে ৰাজ্য চৰকাৰ। কঠোৰ হৈছে ব্ৰয়লাৰৰ প্ৰৱেশক লৈও। ৰাজ্যৰ পশুপালন মন্ত্ৰী অতুল বৰাই আজি এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। মন্ত্ৰী বৰাই কয় যে গাহৰিৰ আমদানি বন্ধৰ বাবে ১০মাৰ্চত সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। ব্ৰয়লাৰ উৎপাদনৰ ক্ষেত্ৰত অসম আত্মনিৰ্ভৰ হ’বলৈ গৈ আছে বুলি তেওঁ মন্তব্য কৰে। ইনফ্লুয়েঞ্জাৰ বাবে যাতে ৰাজ্যৰ কৃষক ক্ষতিগ্ৰস্ত নহয় তাৰ বাবে বাহিৰৰ পৰা গাহৰি আৰু ব্ৰয়লাৰ অনা নিষেধ কৰা হৈছে। ৰাজ্যৰ ৫% GDP পশুধন জাতীয় সামগ্ৰীৰ পৰা আহৰণ কৰা হয়। সেয়েহে পশুধনক অধিক গুৰুত্ব প্রদান কৰিছে ৰাজ্য চৰকাৰে। ইয়াৰোপৰি, কেৱল অসমতেই ২০ লাখ গাহৰি আগন্তুক ৫ বছৰত উৎপাদনৰ লক্ষ্য কৰি লোৱা হৈছে। দৈনিক ৫০ লাখ কণী উৎপাদনৰ লক্ষ্য ৰাখিছে পশুপালন বিভাগে। শেহতীয়াকৈ পঞ্জাৱ-হাৰিয়ানা আদি ৰাজ্যত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে আফ্ৰিকান ছোৱাইন ফিভাৰ। অসমত উৎপাদন হোৱা গাহৰি আৰু মুৰ্গী খোৱাত বাধা অৰোপ কৰা হোৱা নাই। অসমত উৎপাদিত গাহৰি আৰু ব্ৰয়লাৰ ৰাইজে বিনাদ্বিধাই খাব পাৰিব বুলি মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে।