গায়ত্ৰী হাজৰিকা বাইদেউলৈ একাঁজলি শ্ৰদ্ধাঞ্জলি
সমুজ্জ্বল ডেকা, ৰঙিয়া
পুঠিমাৰী মহাবিদ্যালয়, অসমীয়া বিভাগ
স্নাতক দ্বিতীয় ষাণ্মাসিক
পুঠিমাৰী মহাবিদ্যালয়, অসমীয়া বিভাগ
স্নাতক দ্বিতীয় ষাণ্মাসিক
মনুষ্যৰ মৰণ অনিবাৰ্য; কিন্তু অকালতে মৃত্যু সঁচাকৈ বৰ অসহনীয়। অজস্ৰ গীতৰ মাজত গায়ত্ৰী হাজৰিকা বাইদেউৰ কন্ঠত নিগৰা বিশেষকৈ “সৰা পাতে পাতে ফাগুন নামে” শীৰ্ষক গীতৰে অগণন গুণমুগ্ধক আকৰ্ষণ কৰিছিল। মাত্ৰ ৪৫ বছৰ বয়সতে শিল্পীগৰাকীয়ে সকলোকে বাকৰুদ্ধ কৰি হঠাৎ গুচি গ’ল। খবৰ পোৱা অনুসৰি তেওঁ প্ৰায় এবছৰে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল। সংগীত জগতত এইয়া এক অপূৰণীয় ক্ষতি। বিদায় দুই প্ৰকাৰৰ। ক্ষণন্তেকীয়া বিদায় আৰু চিৰবিদায়। গতিকে তেখেত আমাৰ মাজৰ পৰা চিৰবিদায় মাগিলে; কিন্তু চিৰবিদায় মাগিলেও বিদায় বুলি নকওঁ। কাৰণ গায়ত্ৰী বাইদেউৰ সৃষ্টিৰাজি সদায় আমাৰ মাজত প্ৰবাহমান হৈ থাকিব। শেষত তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। লগতে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।