গামোচা আমাৰ স্বাভিমান
অসমৰ খাই, অসমতে থাকি
নকৰিব গামোচাক অপমান;
গামোচা আমাৰ জাতীয়
স্বাভিমান।
সাতামপুৰুষীয়া ঐক্যৰ বাৰ্তা
অসমীয়াই সদায় বিলাইছে;
আমাৰ কৃষ্টি, কলা আৰু সংস্কৃতি
আজি বিশ্বত সগৌৰৱে জিলিকিছে।
ভেজাল সানি আমাৰ সংস্কৃতিক
বিকৃত নকৰিব;
সহজ-সৰল অসমীয়াৰ
খং নুতুলিব।
অসম আমাৰ জন্মভূমি
ভিন্ন জাতিৰ মিলনভূমি
ভেল্কিবাজী নকৰিব লাচিতৰ দেশত;
হাতত হেংদাং লৈ
তেজাল ডেকা বোৰ
ৰৈ আছে লুইতৰ পাৰত।
গামোচা আমাৰ স্বাভিমান
নকৰিব অপমান
এই কথা সকীয়াই দিলোঁ,
বাৰেপতি নকৰোঁ সহ্য
বহিৰাগতৰ ষড়যন্ত্ৰ
আজি আমি কৈ থলোঁ।।
এহিয়া আহমেদ
বৰথল কছাৰী গাওঁ, মৈৰাবাৰী