গান্ধী জয়ন্তী’ উপলক্ষে সৰ্বানন্দ সোণোৱালে গান্ধীজীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাৰ্ঘ অৰ্পণ কৰে

গান্ধী জয়ন্তী’ উপলক্ষে সৰ্বানন্দ সোণোৱালে গান্ধীজীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাৰ্ঘ অৰ্পণ কৰে
মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শ, অতুলনীয় কৰ্মৰাজি আৰু বৰ্ণাঢ্য জীৱনগাথাই প্ৰতিজন ভাৰতীয়ৰ লগতে বিশ্ববাসীক অনুপ্ৰাণিত কৰি আহিছে: সৰ্বানন্দ সোণোৱাল

ৰঙিলী বাৰ্ত্তাসেৱা- ‘গান্ধী জয়ন্তী’ উপলক্ষে আজি নামৰূপত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গান্ধীজীৰ প্ৰতিমূৰ্তিত গভীৰ শ্ৰদ্ধাৰ্ঘ অৰ্পণ কৰে।তেওঁ উল্লেখ কৰে, “বাপুজীৰ শান্তি-সমন্বয় আৰু অহিংসাৰ অমৰ বাণী তথা অতুলনীয় আদৰ্শই এখন শক্তিশালী সমাজ গঢ়াৰ বাবে আমাক সদায়ে প্ৰেৰণা যোগাই যাব। মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শ, অতুলনীয় কৰ্মৰাজি আৰু বৰ্ণাঢ্য জীৱনগাথাই প্ৰতিজন ভাৰতীয়ৰ লগতে বিশ্ববাসীক অনুপ্ৰাণিত কৰি আহিছে। আজি “আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস” ~ “গান্ধী জয়ন্তী”ৰ পৱিত্ৰ ক্ষণত গান্ধীজীক পৰম শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।”