গাড়ী চালকৰো এখন হৃদয় আছে
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি
এগৰাকী গাড়ী চালকৰ মনৰ কথাখিনি জানিবলৈ পাই মই এই লেখাটো আগবঢ়ালোঁ। অই ড্ৰাইভাৰ তোক ইয়াত পাতখন পাৰি দিলোঁ ভাত খা ।ল’ৰাজনে কি কৰো নকৰো কৰি ভাত খাই মুখ হাত ধুই আঁতৰি আহিল আৰু ভাড়া কৰি নিয়া যাত্ৰীগৰাকীলৈ বাহিৰত অপেক্ষা কৰিলে ।সেই ব্যক্তি গৰাকীও ভাত খাবলৈ গৈ তেওঁ লগত যোৱা ৰমেনক নামৰ গাড়ী চালকজনৰ বিচাৰিলে কিন্তু এজন ব্যক্তিয়ে ভাতখোৱা বুলি কোৱাত তেওঁ ভাত খাই উঠি সেই নিমন্ত্ৰণ কৰা মানুহ ঘৰৰ পৰিয়ালক মাত লগাই গুছি আহিল। বাহিৰত ৰমেনক দেখি তেওঁ গাড়ীত উঠিল।গাড়ী চলাই থাকোঁতে লক্ষ্য কৰিলে ৰমেন অকণমান যেন অন্যমনস্ক হৈ আছে।আহোঁতে যেনেকুৱা তাৰ চেহেৰাৰ ৰং যাওঁতে তেনে নেদেখি যাত্ৰীজনে সুধিলে তেওঁৰ কিবা আচৰণত বেয়া পালে নেকি??
তেতিয়া গাড়ীচালক ৰমেনে সকলো কথা খুলি ক’লে । তেওঁলোক গাড়ীচালক তাত সিহঁতে কোনো আক্ষেপ নাই ,কৰ্মই ধৰ্ম কাম কৰিছে ভাত খাইছে।কিন্তু মানুহবোৰৰ ব্যৱহাৰত দুখ লাগে উৎসৱ অনুষ্ঠান আদিত গ’লে অনুভৱ কৰে কেনেকৈ সিহঁতৰ কৰ্মক নিম্নমানৰ বুলি কেনেকৈ বিভাজন কৰিছে ।কথাখিনি শুনি সেই বিষয়াগৰাকীৰ দুখ লাগিল। তেওঁ ক’লে ঠিক আছে এতিয়াৰ পৰা বেলেগ নোৱাৰিলেও তেওঁ অন্ততঃ কোনো ব্যক্তিৰ ক্ষেত্ৰত তেনে কৰিলে সেই ব্যক্তি সকলৰ লগতে আহাৰ গ্ৰহণ কৰিব নহ’লে নোখোৱাকৈ গুছি আহিব।
কথাহ’ল কৰ্ম আৰু মানুহৰ বংশগত উপাধি আদিৰ ওপৰতো উচ্চ নীচ বিভাজন এতিয়াও আছে হয়তো অদূৰ ভবিষ্যতেও থাকিব।মই নিজে দেখিছোঁ উচ্চ উপাধিৰ মানুহে সদায় আগত আসনখন দিয়ে।দিব লাগে কিন্তু চাব লাগিব তেওঁ সেই আসনৰ যোগ্য নে?যদি এগৰাকী মদাহী হয় তেওঁ উচ্চ বংশত জন্মিলেও সেই স্থান দিব নালাগে। প্ৰযুক্তিবিদ্যাৰ যুগত সময়ৰ লগে লগে কিছুমান ঋণাত্মক চিন্তাধাৰা এৰিব লাগিব আৰু কিছু সংযোগ কৰিব লাগিব।