গণেশ দাস হাইস্কুল,শুৱালকুছিৰ বাৰ্ষিক বিদ্যালয় সপ্তাহ” সমাৰোহ “

গণেশ দাস হাইস্কুল,শুৱালকুছিৰ বাৰ্ষিক বিদ্যালয় সপ্তাহ” সমাৰোহ “

শিক্ষক শব্দটো নিস্বাৰ্থ কৰ্মৰ প্ৰতীক যিয়ে, ৰ’দ, বতাহ, বৰষুণৰ দৰে, সকলোকে সমানে বিলাই দিয়ে

অনামিকা (সংগীতা)কলিতা,ৰঙিলী বাৰ্ত্তাসেৱা- বিগত বৰ্ষবোৰৰ দৰে এইবেলিও যোৱা ইং ৭ ডিচেম্বৰ ২০২৪ তাৰিখৰ পৰা  ১৪ ডিচেম্বৰ ২০২৪ তাৰিখলৈ সপ্তাহ যোৰা কাৰ্যসূচীৰে ২০২৪-২৫ বাৰ্ষিক বিদ্যালয় সপ্তাহ অনুষ্ঠিত হয়  / বিদ্যায়তনিক দিশৰ সমান্তৰালকৈ অবিদ্যায়তনিক দিশত ছাত্ৰ ছাত্ৰী সকলক উৎসাহিত কৰাৰ উদ্দেশ্যে  প্ৰতিবছৰে এনে অনুষ্ঠানৰ জৰিয়তে তেওঁলোকৰ বিভিন্ন দিশত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ  এক মঞ্চৰ ব্যবস্থা কৰা হয়। জানিব পৰা মতে  এই বেলি সকলো ছাত্ৰ ছাত্ৰীক অংশ গ্ৰহণ কৰা তথা সিহঁতৰ মাজত প্ৰতিযোগিতাৰ মনোভাৱ বৃদ্ধি কৰাৰ উদ্দেশ্যে বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰস্তাৱ মৰ্মে ছাত্ৰ ছাত্ৰী সকলক চাৰিটা হাউচ ক্ৰমে,ৰেড হাউচ,  গ্ৰীণ হাউচ ,ব্লু হাউচ আৰু ইয়েল্লো হাউচ বিভক্ত কৰি প্ৰতিটো  হাউচত ষষ্ঠ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ ছাত্ৰ ছাত্ৰীক অন্তৰ্ভুক্ত কৰা হয়। হাউচ অনুসৰি খেলা-ধুলা,গীত-মাতৰ উপৰিও এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰা হয়। বিভিন্ন কাৰ্যসূচীত  স্থানীয় ৰাইজ অভিভাৱক- অভিভাৱিকাৰ উপস্থিতৰ আৰু প্ৰশংসাই শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে কৰ্মচাৰী ছাত্ৰ ছাত্ৰীক  উৎসাহিত কৰে। বিজয়ী ছাত্ৰ ছাত্ৰী সকলক ১৩ নবেম্বৰ, শুক্ৰবাৰে অনুষ্ঠিত বঁটা বিতৰণী সভাত কিতাপ, ট্ৰফী আদিৰে পুৰস্কৃত কৰা হয়। বঁটা বিতৰণী সভাত সভাপতিত্ব কৰে বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ উপ-সভাপতি শ্ৰীযুত শৈলেন চৌধুৰী আৰু নিৰ্দিষ্ট বক্তাৰ আসন অলংকৃত কৰে, অসম চৰকাৰৰ যুটীয়া সচিব শ্ৰীযুত অনিল কুমাৰ দাসে। সভাৰ আৰম্ভণিতে ছাত্ৰ ছাত্ৰী সকলে যুগোতাই উলিওৱা “মনিকাঞ্চন”নামৰ প্ৰচীৰ পত্ৰিকাখন তেখেতৰ দ্বাৰা উন্মোচন কৰা হয়। শিক্ষক ভগৱান গোস্বামীয়ে আঁত ধৰা সভা খন বিদ্যালয়ৰ শিক্ষয়িত্ৰী সকলে পৰিবেশন কৰা সমবেত সংগীতৰ দ্বাৰা শুভৰাম্ভ কৰা হয়। নিৰ্দিষ্ট বক্তাই তেখেতৰ ভাষণত গণেশ দাস হাইস্কুলৰ শৈক্ষিক দিশটো ভূয়সী প্ৰশংসা কৰি  কয় যিটো সময়ত বেছিভাগ অভিভাৱকে ব্যক্তিগত বিদ্যালয়ৰ প্ৰতি আকৰ্ষিত হৈ আহিছে সেই সময়ত এখন চৰকাৰী বিদ্যালয়ে আসনৰ অভাৱত সৰহ সংখ্যক ছাত্ৰ ছাত্ৰীক নামভৰ্তিৰ পৰা বঞ্চিত কৰিব লগীয়া হোৱাটো বিদ্যালয়খনৰ গৌৰৱৰ বিষয়। ইয়াৰ লগতে কয় শিক্ষক এনে এটা বৃত্তি যিয়ে ৰ’দ, বতাহ, বৰষুণৰ দৰে সকলোতে সমানে বিলাই।ইয়াৰ পাচত মূল্যাংকৰ ভিত্তিত সৰ্ব্বোচ্চ নম্বৰ প্ৰাপ্ত ছাত্ৰ ছাত্ৰী সকলক কেবাটাও সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। সভাৰ শেষত ছাত্ৰ ছাত্ৰীৰ দ্বাৰা পৰিৱেশন কৰা সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে বিদ্যালয়.সপ্তাহৰ সামৰণি মাৰে ।