গড়গাঁও কলেজত সৰ্বপ্ৰথম বাৰলৈ সংস্থাপন মেলা সম্পন্ন

গড়গাঁও কলেজত সৰ্বপ্ৰথম বাৰলৈ সংস্থাপন মেলা সম্পন্ন
যদুমণি হাজৰিকা, নাজিৰা ,ৰঙিলী বাৰ্ত্তাসেৱা- নাজিৰা মহকুমাৰ গড়গাঁও মহাবিদ্যালয়ত এক সংস্থাপন মেলা ১৯ মাৰ্চত মহাবিদ্যালয়ৰ বেণুধৰ মহন সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় । কাৰ্য্যসূচীৰ উদ্বোধন কৰি সংস্থাপনৰ ক্ষেত্ৰত গুৰুতৰ ৰূপত সমস্যাৰ মুখামুখি হোৱা নৱ-প্ৰজন্মক এতিয়াৰে পৰাই সজাগ দৃষ্টি ৰাখি সংস্থাপন বা কেৰীয়াৰত দক্ষ সেৱাৰ গৰাকী হোৱাত লক্ষ্য ৰাখিবলৈ আহ্বান জনায় মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্তই । কাৰ্য্যসূচীৰ আঁত ধৰি পৰিচালনা কৰে মহাবিদ্যালয়খনৰ কেৰীয়াৰ কাউন্সেলিং আৰু গাইডেন্স চেল ৰ সমন্বয়ক ড° দিলীপ কুমাৰ ডেকাই । দেশৰ আগশাৰীৰ বীমা কোম্পানী “টাটা এআইএ লাইফ”ৰ শিৱসাগৰ শাখাৰ প্ৰৱন্ধক হৰিন্দ্ৰ প্ৰসাদ হাজৰিকাকে ধৰি শাখাটোৰ ৭ জনকৈ চিনিয়ৰ বিজনেছ এছ’চিয়েট আৰু বিজনেছ এছ’ চিয়েটে কাৰ্য্যসূচীত উপস্থিত থাকি মহাবিদ্যালয় পৰ্য্যায়ত অধ্যয়নৰত আৰু স্নাতক উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলক বীমাৰ প্ৰয়োজনীয় সেৱাৰ বিপৰীতে সংস্থাপনৰ সুবিধা সমূহ ব্যাখ্যা কৰে ।  এক উপযুক্ত বয়সৰপৰা ছাত্ৰ-ছাত্ৰী সকলে সমাজৰ প্ৰতিজন ব্যক্তিৰ আৰ্থিক  সুৰক্ষাৰ দিশক উপলব্ধি কৰাৰ লগতে ইয়াৰ যাৱতীয় সেৱা কাৰ্য্যক অধ্যয়নৰ সমান্তৰালকৈ চলাই নিয়া কিম্বা শিক্ষা সাং কৰি সংস্থাপনী সেৱা ৰূপে গ্ৰহণ কৰিবলৈ সমল সমূহৰ চমুকৈ ব্যাখ্যা কৰা হয় ।  “গড়গাঁও কলেজ কেৰীয়াৰ কাউন্সেলিং এণ্ড গাইডেন্স চেল” আৰু “IQAC” য়ে নান্দী ফাউণ্ডেশ্যনৰ সহযোগত আয়োজন কৰা এই সংস্থাপনী মেলালৈ মুঠ ১০ টাকৈ কোম্পানীক আমন্ত্ৰণ জনোৱা হৈছিল । আইচিআইচিআই শিৱসাগৰ শাখাৰ প্ৰৱন্ধক ৰঞ্জনকুমাৰ বৰুৱা আৰু সমন্বয় বিষয়া কৌশিক শইকীয়াই কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰে । মহাবিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকা সকলে কাৰ্য্যসূচীত সহযোগ কৰাৰ লগতে প্ৰায় তিনিশ ছাত্ৰ-ছাত্ৰীয়ে সমল আহৰণ আৰু পঞ্জীয়ন কাৰ্য্যত অংশ গ্ৰহণ কৰে  । মহাবিদ্যালয় খনত সৰ্বপ্ৰথম বাৰলৈ আয়োজন কৰা এই কাৰ্য্যসূচীক সফল কৰি তোলাৰ বাবে গড়গাঁও মহাবিদ্যালয় কেৰীয়াৰ কাউন্সেলিং আৰু গাইডেন্সৰ সমন্বয়ক ড° দিলীপ কুমাৰ ডেকাই সংশ্লিষ্ট সকলোলৈকে শলাগৰ শৰাই আগবঢ়ায় ।