গছ ভালপোৱা মইজনী
নাজমিনা মজিদ,ধুবুৰী
গছ ভালপোৱা মইজনী
পাইছানে মামা মোক চিনি??
মই তোমাৰেই ভাগিনী ।
গছ কটাৰ খবৰ পৰিছে বিয়পি
সকলোয়েই পাৰিছে তোমাক গালি
অ’ মামা, অ’ মামা তুমি প্ৰত্যুৎপন্নমতি
নকটাকৈ গছ-গছনি
উলিওয়া কিবা এটা বুদ্ধি
নাথাকিলে গছ-গছনি ।
অক্সিজেন আনো কিনি
এইবুলি এটা সময়ত সকলোৱেই উঠিব উচুপি ।
মামা মোৰ মামা ফ্লাই অভাৰ কৰিবা সৃষ্টি
কিবাকৈ উলিওয়া এটা বুদ্ধি ।
নকটাকৈ গছ-গছনি ।
তুমি সকলোৰে প্ৰিয় ভাল পায় তোমাক
অসমৰ ভাগিন-ভাগিনী ।