খোৱাংত ডিব্ৰুগড় জিলা সাহিত্য সভাৰ অন্তৰ্গত শাখা সমূহৰ সভাপতি, উপ-সভাপতি আৰু সম্পাদকৰ সন্মিলন সম্পন্ন 

খোৱাংত ডিব্ৰুগড় জিলা সাহিত্য সভাৰ অন্তৰ্গত শাখা সমূহৰ সভাপতি, উপ-সভাপতি আৰু সম্পাদকৰ সন্মিলন সম্পন্ন 

এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলা সাহিত্য সভাৰ উদ্যোগত আৰু খোৱাং শাখা সাহিত্য সভাৰ আতিথ্যত ডিব্ৰুগড় জিলা সাহিত্য সভাৰ অন্তৰ্গত শাখাসমূহৰ সভাপতি, উপ-সভাপতি আৰু সম্পাদকসকলৰ সন্মিলনখনি দিনজোৰা কাৰ্যসূচীৰে ডিব্ৰুগড় খোৱাং চাৰিআলিস্থিত মহাসতী জয়মতী প্ৰেক্ষাগৃহত আজি(২৪-৩-২৪) অনুষ্ঠিত হয়। সেই উপলক্ষে ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সভাপতি নোমল চন্দ্ৰ গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনিৰ উদ্দেশ্য ব্যাখা কৰে জিলা সম্পাদক বদন গগৈয়ে আৰু উদ্বোধন কৰে অসম সাহিত্য সভাৰ কাৰ্য-নিৰ্বাহক সদস্য পৰমেশ্বৰ নলবৰীয়াই । খোৱাং স্বৰ্ণ শাখাৰ সভাপতি অনুৰূপা বড়া শইকীয়াই আদৰণী ভাষণ আগবঢ়ায় আৰু ডিব্ৰুগড় জিলা সাহিত্য সভাৰ লক্ষ্য তথা উদ্দেশ্যৰ বিষয়ে বক্তব্য আগবঢ়ায় জিলা সভাৰ উপ-সভাপতি ভদ্ৰেশ্বৰ গগৈয়ে। ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সম্পাদক বদন গগৈয়ে আঁত ধৰা সভাত অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক অজয় সিংহ, কাৰ্যনিৰ্বাহক সদস্য পৰমেশ্বৰ নলবৰীয়া, ৰামধেনুৰ সদস্য অৰুণ বৰপাত্ৰ গোহাঁই, জিলা উপ-সভাপতি ভদ্ৰেশ্বৰ গগৈ, সহ:সম্পাদকদ্বয় উৎপল সোনোৱাল আৰু লৱণু শইকীয়া, জিলা প্ৰকাশন সচিব প্ৰশান্ত শইকীয়া, জিলা মুখপত্ৰ “মন্দাকিনী”ৰ সম্পাদক কুসুম সোনোৱাল শইকীয়া, সাংগঠনিক সম্পাদক পৰমানন্দ নাথ, প্ৰকাশন উপ-সমিতিৰ উপসভাপতি অনিমা কোঁচ গগৈ, সাংগঠনিক সম্পাদক জলী গগৈ, কুঁহিৰ কাৰ্যকৰী সভাপতি প্ৰশান্ত নেওগ, আহ্বায়ক দীপজ্যোতি গগৈ, ‘জোনাক’ৰ সম্পাদক ভাগ্যেশ্বৰ গগৈ, ‘আকাশ’ৰ আহ্বায়িকা সুৰজিতা সন্দিকৈ গগৈ তথা জিলা সভাৰ বিষয়ববীয়াসকলৰ উপৰিও জিলা সভাৰ অন্তৰ্গত শাখা সমূহৰ সভাপতি,উপ-সভাপতি আৰু সম্পাদকৰ লগতে লেখক-লেখিকা, গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। উক্ত সভাতে প্ৰকাশন সচিব প্ৰশান্ত শইকীয়াৰ দ্বাৰা সম্পাদিত “ডিব্ৰুগড় জিলা সাহিত্য সভাৰ পত্ৰিকা”ৰ চতুৰ্থ সংখ্যা উন্মোচন কৰা হয়। জিলা সাহিত্য সভাৰ সভাপতি নোমল চন্দ্ৰ গগৈয়ে পত্ৰিকাখনি উন্মোচন কৰি কয় যে জিলাখনৰ সকলো লেখক লেখিকাৰ উমৈহতীয়া মঞ্চ হিচাপে পত্ৰিকাখনি প্ৰকাশ কৰি থকা হৈছে। শলাগ জ্ঞাপন কৰে পত্ৰিকা সম্পাদক প্ৰশান্ত শইকীয়া আৰু পত্ৰিকা উন্মোচনত সহযোগিতা আগবঢ়োৱা মন্দাকিনীৰ সম্পাদক কুসুম সোনোৱাল শইকীয়া, প্ৰকাশন উপ-সমিতিৰ উপ-সভাপতি অনিমা কোঁচ গগৈ আৰু সাংগঠনিক সম্পাদক জলি গগৈক। তদুপৰি পুস্কিন বুঢ়াগোহাঁইৰ দ্বাৰা সম্পাদিত খোৱাং শাখা সাহিত্য সভাৰ মুখপত্ৰ “সৌমাৰ সৌৰভ” খনি উন্মোচন কৰে অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক অজয় সিংহই। আনহাতে সভাখনিত শাখা সভাসমূহৰ সভাপতি, উপ-সভাপতি আৰু সম্পাদকসকলে তেওঁলোকৰ শাখাসমূহৰ বিগত বৰ্ষত ৰূপায়ণ কৰা কাৰ্যসূচীসমূহৰ বিষয়ে ব্যক্ত কৰাৰ লগতে ভৱিষ্যতৰ পৰিকল্পনাসমূহ সভাক অৱগত কৰে। ইয়াৰ পূৰ্বতে পুৱাৰ ভাগত পতাকা উত্তোলন, গছপুলি ৰোপণ কাৰ্যসূচীৰ পিছতে বন্তি প্ৰজ্বলন কৰা হয়। খোৱাং শাখা সাহিত্য সভাৰ সদস্যসকলৰ দ্বাৰা পৰিৱেশিত “চিৰ চেনেহী মোৰ ভাষা জননী” শীৰ্ষক গীতেৰে সভাৰ শুভাৰম্ভণি কৰা হয়। সভাত নিৰ্দিষ্ট কাৰ্যসূচীসমূহৰ মাজে মাজে গীত পৰিৱেশন আৰু কবিতা পাঠ কৰা হয়। বহু আকাংক্ষিত সভাখনিত অনাগত দিনৰ বাবে ডিব্ৰুগড় জিলা সাহিত্য সভাৰ কেইবাটাও বাৰ্ষিক কাৰ্যসূচীৰ পৰিকল্পনা কৰা হয়।