খিৰিকীৰ কাষৰ গছবোৰ
সত্যজিৎ গগৈ,বামুণী গাঁও
ভাৰাঘৰটোৰ উত্তৰত থকা খিৰিকীৰে গছবোৰে জুমি চায়
কেতিয়াবা দুপৰীয়াৰ চোকা ৰ’দটোৱেও
ঘৰটো ৰৈ থকা দেখি গছবোৰে হাঁহে খিলখিলাই
পাতবোৰে সুহুৰিয়াই মাতে এজাক চেচা বতাহ
খিৰিকীৰ কাষতে বহি কোনোবা প্ৰেয়সীয়ে গাই
মতলীয়া ফাগুণৰ ৰঙা ৰঙা গান
কোনোবাই ভিজা চুলিটাৰি মেলি দিয়ে
চৰাইৰ ডেউকাৰ কোবত কোমল পাখিবোৰ সৰি পৰে
তথাপি গছবোৰে ছাঁ দিয়ে ঘৰটোক
বিচাৰি ফুৰে আকলুৱা হৃদয়ৰ মৰম
সিঁহতকো জীয়াই থাকিবলৈ বিশ্বাস লাগে
ঘৰটো ৰৈ থাকে আৰু খিৰিকীৰ কাষৰ গছবোৰ ওখ হৈ থাকে
আকাশৰ সমান উচ্চতাৰ পৰা সাৱতি থাকে আমাক।