খিলঞ্জীয়া অস্তিত্ব সুৰক্ষা স্বাৰ্থত জনগোষ্ঠীয় ঐক্যমঞ্চৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট

খিলঞ্জীয়া অস্তিত্ব সুৰক্ষা স্বাৰ্থত জনগোষ্ঠীয় ঐক্যমঞ্চৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলাত জাতীয় জনগোষ্ঠীয় ঐক্যমঞ্চই খিলঞ্জীয়া অস্তিত্ব সুৰক্ষা স্বাৰ্থত ডিব্ৰুগড়ৰ চৌকিডিঙ্গী চাৰিআলী নিচেই কাষতে লাগি থকা বৈৰাগীমঠ পথৰ ওপৰত কিছু খিলঞ্জীয়া লোকৰ এখন বজাৰ বহু দিনৰ পৰা বহি থকা পৰিলক্ষিত হৈছে। বহু দূৰদূৰণিৰ পৰা আহি থলগিৰি জনতাই সেই বজাৰ খনত শাক ছবজিকে আদি কৰি ক্ৰয় কৰাৰ কাৰণে ভিৰ কৰে। যি সকল থলুৱা ব্যৱসায়ী আছে তেখেতসকল বহু কষ্ট সন্মুখীন হোৱা দেখা যায়। ৰ’দ বৰষুণ নেওচি নিজৰ পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰত বিভিন্ন ঠাইৰ পৰা আহি যেনে তিনিচুকীয়া, শদিয়া, জাগুন, নাহৰকটীয়া, মৰাণ , চাবুৱা,টেঙাখাত,জকাই, টিংখং,ঘোঁৰামৰা, আদি বিভিন্ন ঠাইৰ সমূহৰ পৰা ব্যৱসায়ী সকল আহে। কিন্তু পৰিতাপৰ বিষয় যে গোটেই দিনটো পথৰ ওপৰতে ৰ’দ বৰষুণ বতাহৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হয়। সেয়েহে আমাৰ জাতীয় জনগোষ্ঠীয় ঐক্যমঞ্চৰ এটাই দাবী যে ডিব্ৰুগড় চৌকিডিঙ্গীত এখন থলুৱা বজাৰ নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমাৰ দাবী। সেয়েহে জাতীয় জনগোষ্ঠীয় ঐক্যমঞ্চয়ে, নিবনুৱা যুৱক যুৱতী সকলৰ সুবিধাৰ্থে পূৰ্ণ সংস্থাপনৰ ব্যৱস্থাৰ অৰ্থে এখন থলুৱা বজাৰৰ লগতে এটা শীতলিগৃহ নিৰ্মাণৰ সুব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবীসমূহ হল
১/ ডিব্ৰুগড় জিলাৰ চৌকিডিঙীত খিলঞ্জীয়া সুৰক্ষাৰ স্বাৰ্থত এখন থলুৱা বজাৰ অতি শীঘ্ৰে নিৰ্মাণ কৰক।
২/ অসম চৰকাৰৰ বিদুৎ বিভাগে প্ৰদান কৰা স্মাৰ্ট মিটাৰ অতি শীঘ্ৰে বন্ধ কৰক।
এই বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ডিব্ৰুগড় জিলাৰ শতাধিক ৰাইজৰ উদ্যোগত ০৪ অক্টোবৰ শুকুৰবাৰে ডিব্ৰুগড় চৌকিডিঙী চাৰিআলিত লোৱা অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে নিম্ন উল্লেখিত দাবী সমূহ ডিব্ৰুগড় আয়ুক্তই ৰূপায়ন কৰিবলৈ ডিব্ৰুগড় জিলা জাতীয় জনগোষ্ঠীয় ঐক্যমঞ্চই স্মাৰক পত্ৰ প্ৰদান কৰে।