খানাপাৰাত ‘মহাবাহু এক্সপ’ৰ শুভাৰম্ভ
দেশী-বিদেশী বিপণীৰ অংশগ্ৰহণ
ৰঙিলী বাৰ্ত্তাসেৱা- চাওতে চাওতে নঙলা মুখ পালেহি হেঁপাহৰ ৰঙালী বিহু৷ বিহুটিক উলহ-মালহেৰে পালন কৰিবৰ বাবে লাহে লাহে সকলো ব্যস্ত হৈ পৰিছে৷হেঁপাহৰ ৰঙালী বিহুটিক আদৰিবৰ বাবে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰতো ব্যাপক প্ৰস্তুতি চলিছে৷ ৰঙালী বিহুৰ প্ৰাকক্ষণত মহানগৰত আৰম্ভ হৈছে প্ৰাক ৰঙালী মেলা৷ প্ৰতিবছৰৰ দৰে এইবাৰো খানাপাৰাৰ গণেশ মন্দিৰ ইন্দৰ ষ্টেডিয়ামৰ খেলপথাৰত ‘মহাবাহু এক্সপ’ ২০২৫’ৰ আয়োজন কৰা হৈছে৷ সপ্তম বাৰ্ষিক এই মহাবাহু এক্সপ’ আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়৷ উদ্ধোধনী অনুষ্ঠানত অসম চৰকাৰৰ অৱসৰ প্ৰাপ্ত বিষয়া প্ৰফুল্ল কুমাৰ শইকীয়া, কণ্ঠশিল্পী মনিষা হাজৰিকা, তৃষ্ণা দেৱীসহ ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ উল্লেখযোগ্য যে, ৬ এপ্ৰিললৈকে অনুষ্ঠিত হ’বলগীয়া এই এক্সপ’ত দেশৰ বহুকেইখন ৰাজ্য ক্ৰমে নগালেণ্ড, মণিপুৰ, পশ্চিমবংগ, গুজৰাট, ৰাজস্থান, বিহাৰ, দিল্লী আদিৰ লগতে অসমৰ থলুৱা হস্ততাত আৰু হস্তশিল্পৰ শিপিনী আৰু আফগানি ড্ৰাই ফুডৰ বিপণীয়ে অংশগ্ৰহণ কৰিছে৷ এক্সপ’ত বিহুৰ খাদ্য সামগ্ৰী, গামোচা, বস্ত্ৰৰ লগতে বিভিন্ন পৰম্পৰাগত থলুৱা খাদ্য সামগ্ৰী উপলব্ধ হ’ব৷ আনহাতে জনজাতিৰ খাদ্যৰ বহু কেইখন বিপনীয়েও এক্সপ’ত অংশগ্ৰহণ কৰিছে৷ শিশুৰ বাবেও বিভিন্ন খেল-ধেমালিৰ ব্যৱস্থা কৰা হৈছে৷ লগতে প্ৰতিদিনে ন-পুৰণি শিল্পীৰ সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হৈছে৷ পুৱা ১১ বজাৰ পৰা নিশা ৯-৩০ বজালৈকে মুকলি থাকিবলগীয়া এক্সপ’ত ৰাইজৰ উপস্থিতি উদ্যোক্তাসকলে আন্তৰিকতাৰে কামনা কৰিছে৷