খানাপাৰাত আৰম্ভ হ’ল পঞ্চম পশুধন আৰু হাঁহ-কুকুৰা মেলা
স্বাৱলম্বিতাৰে গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাত পশুপালনৰ গুৰুত্ব অপৰিসীম: মন্ত্ৰী কৃষ্ণেন্দু পাল
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগ তথা অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ উদ্যোগত আৰম্ভ হৈছে পঞ্চম পশুধন আৰু হাঁহ-কুকুৰা মেলা। মহানগৰীৰ খানাপাৰাস্থিত ফাৰ্ম গেট খেলপথাৰত পথাৰত তিনিদিনীয়াকৈ আয়োজন কৰা এই মেলা উদ্বোধন কৰে অসম চৰকাৰৰ পশুপালন আৰু পশুচিকিৎসা বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালে। উদ্বোধনী ভাষণত মন্ত্ৰী গৰাকীয়ে কয় যে পশুপালন খণ্ডত আত্মনিয়োগ কৰি প্ৰগতিৰ দ্বাৰ মুকলি কৰিব পৰা যথেষ্ট থল আছে। তাৰবাবে বিভাগে অধিক প্ৰসাৰিত ৰূপত ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ কৃষক- পশুপালকক বিজ্ঞানসন্মত পশুপালনৰ লাভজনক দিশসমূহ অৱগত কৰোৱাৰ লগতে নতুন প্ৰজন্মক পশুপালনৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগিব। অনুষ্ঠানত অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই নিজৰ ভাষণত কয় যে পশুধন আৰু হাঁহ-কুকুৰা মেলাৰ জৰিয়তে শিক্ষিত যুৱ চামক সংগঠিত ৰূপত বিজ্ঞানসন্মত পশুপালনৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ প্ৰয়াস কৰা হৈছে। এই ক্ষেত্ৰত আমি ইতিমধ্যে সুফল লাভ কৰিব পাৰিছো। কিয়নো আমাৰ ৰাজ্যত দিনক দিনে দ্ৰুত গতিত পশুপালকৰ সংখ্যা বাঢ়ি গৈ আছে আৰু বহুতো শিক্ষিত যুৱক-যুৱতীয়ে পশুপালন খণ্ডত মনোনিবেশ কৰি স্বাৱলম্বিতাৰ পথ বাচি ল’বলৈ সক্ষম হৈছে। আজি ৰাজ্যত দৈনিক একৈশ লাখ কণী উৎপাদন হয়। অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ উপাধ্যক্ষ পৰেশ বৰকাকতি, পশু চিকিৎসা মহাবিদ্যালয়ৰ বিজ্ঞানগুৰু ড০ বিবেকানন্দ শইকীয়া, পশুপালন বিভাগৰ প্ৰধান সচিব মণীষ ঠাকুৰ, সচিব অভিজিৎ বৰুৱা, সচিব তথা সঞ্চালক অনিল চন্দ্ৰ দেউৰী, দুগ্ধ উন্নয়ন বিভাগৰ সঞ্চালক পাঞ্চালী কাকতি, কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ পশুপালন বিভাগৰ কাৰ্যবাহী সদস্য ডি, উফিন মালছাইৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা জ্যেষ্ঠ নাগৰিক, কৃষক, পশুপালকসকল উপস্থিত থাকে। উল্লেখযোগ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যই এই মেলাত ভাগ লৈছে আৰু ডেৰ শতাধিক বিপণিয়ে অংশগ্ৰহণ কৰিছে। মেলাত বিভিন্ন প্ৰজাতিৰ পশুধন, হাঁহ-কুকুৰা, আলংকৰিক চৰাইৰ প্ৰদৰ্শন তথা বিক্ৰীৰ উপৰিও বিভিন্ন পশুজাত আৰু দুগ্ধজাত সামগ্ৰী বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি পশুপালনত ব্যৱহৃত অত্যাধুনিক যন্ত্ৰপাতি, সঁজুলি, আচবাব আদিৰো প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে । আনহাতে, বিগত বৰ্ষৰ দৰে এইবাৰো মেলাত শ্ৰেষ্ঠ গো/ম’হ পালক, ছাগলী পালক, গাহৰি পালক আৰু উন্নত জাতৰ ঘাঁহ খেতিয়কক ৰাজ্যিক আৰু জিলা ভিত্তিত পুৰস্কাৰ প্ৰদানৰ উপৰিও ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ পশুপালক গৰাকীলৈ এক লাখ টকাৰ পুৰস্কাৰ আগবঢ়োৱা হ’ব। পশুধন আৰু হাঁহ-কুকুৰা মেলা উপলক্ষে বিভিন্ন কাৰিকৰী সত্ৰ, আলোচনা চক্ৰ আদিৰ লগতে পশুপালক সকলৰ বাবে বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। ১২ জানুৱাৰীৰ সামৰণি অনুষ্ঠানত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। মেলাৰ আটাইকেইটা দিনতে উদ্যোক্তাসকলে ৰাইজৰ উপস্থিতি তথা সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।