খড়গপুৰ আই আই টিত পঢ়া অসমৰ ফাইজানক নৃশংস ভাৱে ছুৰীৰে আক্ৰমণ, গুলীয়াই হত্যা:দ্বিতীয় মৰণোত্তৰ পৰীক্ষাত বিষ্ফোৰক তথ্য

খড়গপুৰ আই আই টিত পঢ়া অসমৰ ফাইজানক নৃশংস ভাৱে ছুৰীৰে আক্ৰমণ, গুলীয়াই হত্যা:দ্বিতীয় মৰণোত্তৰ পৰীক্ষাত বিষ্ফোৰক তথ্য

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- খড়্গপুৰ আই আই টিত পঢ়ি থকা মেধাবী ছাত্ৰ ফাইজান আহমেদক সহপাঠীয়ে ৰেগিঙৰ নামত অতি নৃশংস ভাৱে হত্যা কৰা ঘটনাই সমগ্ৰ ভাৰতকে জোকৰি গৈছে। পৰিয়ালৰ অভিযোগৰ ভিত্তিত ডিব্ৰুগড়ৰ আমোলাপট্টি কবৰস্থানৰ পৰা কবৰ খান্দি উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে ফৰেনচিক লেবত পঠিয়াত আই আই টি কৰ্তৃপক্ষৰ আচল ঘটনা ওলোৱাত জোলোঙাৰ মেকুৰি ওলাই পৰে। প্ৰথমাৱস্থাত আই আই টিৰ কৰ্তৃপক্ষৰ লগতে আৰক্ষীয়ে নিজে আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল, কিন্ত ন্যায়ালয়ৰ হস্তক্ষেপত আচল সত্য প্ৰকাশ পায়। আচলতে ছুৰীৰে নিৰ্ম্মম ভাৱে হানি খুচি হত্যা কৰাৰ পাছত বাঁওফালৰ কাণৰ তলত গুলীওৱা হৈছিল ’। তিনিচুকীয়াৰ ফাইজান আহমেদৰ মৃত্যু সন্দৰ্ভত চাঞ্চল্যকৰ এই তথ্য। দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত পোহৰলৈ আহে বিস্ফোৰক তথ্য। অৱশেষত পিতৃ – মাতৃৰ সন্দেহেই সত্য প্ৰমাণিত হয় । তিনিচুকীয়াৰ মেধাৱী ছাত্ৰ ফাইজান আহমেদৰ মৃতদেহ উদ্ধাৰ হৈছিল খড়গপুৰৰ আই আই টিৰ হোষ্টেলৰ বন্ধ কোঠাত । ঘটনাটো সংঘটিত হৈছিল – ২০২২ চনৰ ১৪ অক্টোবৰত । হোষ্টেলৰ কোঠাত উদ্ধাৰ হৈছিল মৃতদেহ৷ মৃতদেহত আঘাতৰ চিন প্ৰত্যক্ষ কৰি ফাইজানৰ পিতৃ – মাতৃয়ে ফাইজানৰ মৃত্যুক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছিল যদিও খড়গপুৰ আই আই টিয়ে আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা বুলি ফাইজানৰ পিতৃ – মাতৃয়ে অভিযোগ উত্থাপিত কৰি কলকাতা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল । অৱশেষত পৰিয়ালে কিছু হলেও আশাৰ ৰেঙনি দেখিবলৈ পাইছে।ডিব্ৰুগড়ৰ আমোলাপট্টি কবৰস্থানৰ পৰা দ্বিতীয়বাৰৰ বাবে ফাইজানৰ মৃতদেহ খান্দি ফৰেণচিক লেবলৈ প্ৰেৰণ কৰা হৈছিল । আৰু দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোহৰলৈ আহে -। ফৰেণচিক প্ৰতিবেদন অনুসৰি ফাইজান আহমেদক নিচেই কাষৰ পৰা গুলীওৱাৰ উপৰিও ছুৰিৰে আঘাত কৰা হৈছিল । উচ্চ ন্যায়ালয়ে এই কথা প্ৰমাণ কৰাৰ পাছত ফাইজানৰ মাতৃ পিতৃয়ে ন্যায় লাভৰ আশা কৰে আৰু অসমৰ মুখ্যমন্ত্ৰীক এই ঘটনাৰ হস্তক্ষেপৰ আহ্বান জনায়। উল্লেখযোগ্য যে ফাইজানৰ মাতৃৰ ঘৰ ডিব্ৰুগড়ৰ আমোলাপট্টিত বাবে ফাইজানক ডিব্ৰুগড়তে জানাজা সম্পন্ন কৰা হৈছিল ।